Passenger Assaults IndiGo Pilot Over Flight Delay : ইণ্ডিগ’ বিমানৰ পাইলটক প্ৰহাৰ কৰা ভিডিঅ’ ভাইৰেল

নেশ্যনেল ডেস্ক, ১৫জানুৱাৰী : ঘন কুঁৱলীৰ বাবে বিলম্ব বিমান আৰু ৰে’ল সেৱা । যাত্ৰী মাজত হাহাকাৰ । ইয়াৰ সমান্তৰালকৈ একে সময়তে পোহৰলৈ আহিছে আন এক ভিডিঅ’ । ইণ্ডিগ’ বিমানৰ ভিতৰৰ এটা ভিডিঅ’ ভাইৰেল । য’ত এজন যাত্ৰীয়ে বিমানৰ পাইলটক প্ৰহাৰ কৰা দেখা গৈছে(Passenger Assaults IndiGo Pilot Over Flight Delay) ।
জানিব পৰা মতে, দেওবাৰে সংঘটিত হৈছিল এক চাঞ্চল্যকৰ ঘটনা । প্ৰতিকূল বতৰৰ বাবে দিল্লী বিমানবন্দৰত বিমানখনৰ অৱতৰণ পলম হোৱাৰ বিষয়ে ঘোষণা কৰি থকা সময়তে পাইলটজনক এজন যাত্ৰীয়ে প্ৰহাৰ কৰে ।
এয়াৰলাইনৰ সূত্ৰ অনুসৰি, যাত্ৰীজনে দিল্লী-গোৱা ইণ্ডিগ’ বিমানৰ (6E-2175) পাইলট অনুপ কুমাৰক আক্ৰমণ কৰিছিল । পাইলটজনে দুপৰীয়া প্ৰায় ১ মান বজাত বিমানখনৰ অৱতৰণত পলম হোৱাৰ বিষয়ে ঘোষণা কৰি আছিল আৰু সেই সময়তে যাত্ৰীজনে পাইলট অনুপ কুমাৰক আক্ৰমণ কৰে ।
ভাইৰেল হোৱা ভিডিঅ’টো দেখা অনুসৰি উত্তেজিত যাত্ৰীজনক পিছফালৰ আসনৰ পৰা দৌৰি আহি পাইলটক আক্ৰমণ কৰে । ক্ৰু সদস্যসকলক উত্তেজিত যাত্ৰীজনক শান্ত কৰিবলৈ চেষ্টা কৰা দেখা যায় আৰু আন লোকসকলেও তেওঁক বহি থকাৰ পৰামৰ্শ দিয়ে(Passenger Assaults IndiGo Pilot Over Flight Delay) ।
এই চাঞ্চল্যকৰ ঘটনাটোৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ লগে লগে বিমান সুৰক্ষা সংস্থাই বিষয়টো গুৰুত্ব সহকাৰে লৈ তদন্ত আৰম্ভ কৰে ।
ইফালে, ইণ্ডিগ’ই যাত্ৰীজনৰ বিৰুদ্ধে আনুষ্ঠানিক অভিযোগ দাখিল কৰিছে । দিল্লী আৰক্ষীয়েও ঘটনাটোৰ উপযুক্ত ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছে ।
শেহতীয়া খবৰ অনুসৰি বিমান নিৰাপত্তা সংস্থাই ঘটনাটোৰ সন্দৰ্ভথ তদন্ত আৰম্ভ কৰিছে । তদন্তত যাত্ৰীজন চাহিল কাটাৰিয়া বুলিও চিনাক্ত কৰা হৈছে । সামাজিক মাধ্যমত পাইলটক প্ৰহাৰ কৰা ভিডিঅ’টো ভাইৰেল হোৱাৰ পাছতে বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।