Parliament’s budget session to be held from January 31 : ৩১ জানুৱাৰী পৰা আৰম্ভ হ’ব সংসদৰ বাজেত অধিৱেশন

নিউজ ডেস্ক, ৩০ জানুৱাৰী : ৩১ জানুৱাৰী পৰা আৰম্ভ হ’ব সংসদৰ বাজেত অধিৱেশন । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ খনৰ এইখনেই হ’ব অন্তিমখন বাজেট অধিৱেশন। ৩১ জানুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া এই অধিৱেশন অন্ত পৰিব ৯ ফেব্ৰুৱাৰীত(Parliament’s budget session to be held from January 31) ।
এইবাৰ বাজেট অধিৱেশনৰ দ্বিতীয় দিনটোতে অৰ্থাৎ ১ ফেব্ৰুৱাৰীত ২০২৪-২৫ বৰ্ষৰ বাবে অন্তৱৰ্তীকালীন বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে।
এইবাৰ অধিৱেশনত পূৰ্ণাংগ বাজেট দাখিল কৰা নহয় । লোকসভা নিৰ্বাচন অনুষ্ঠিত হ’ব বাবেই পূৰ্ণাংগ বাজেট দাখিল কৰা নহয়(Budget Session to start on January 31 and continue till February 9)।
সাংবিধানিক ৰীতি অনুসৰিয়েই বিত্তমন্ত্ৰীগৰাকীয়ে লোকসভাত দাখিল কৰিব অন্তৱৰ্তীকালীন বাজেট। ৩ মাহৰ বাবে দাখিল কৰা হ’ব ‘ভোট অন একাউণ্ট’ ।
নতুন বাজেটত মহিলা, কৃষকৰ বাবে কেইবাটাও আঁচনি ঘোষণাৰ সম্ভাৱনা আছে।
লগতে পঢ়ক : 2 dead, 2 officers injured in Florida shootout :ভয়ংকৰ গুলীচালনাৰ ঘটনা;নিহত দুজন, আহত দুজন আৰক্ষী বিষয়া