Local, Vocal, Global

Parliament special session to commence today : আজিৰে পৰা সংসদৰ ৫ দিনীয়া বিশেষ অধিবেশন

নেশ্যনেল ডেস্ক, ১৮ছেপ্টেম্বৰ : আজিৰে পৰা আৰম্ভ সংসদৰ বিশেষ অধিৱেশন । আজিৰে পৰা অৰ্থাৎ সোমবাৰৰ পৰা সংসদৰ ৫ দিনীয়া বিশেষ অধিবেশন আৰম্ভ হ’ব(Parliament special session to begin today) ।

উল্লেখ্য যে এই অধিৱেশনত পুৰণি সংসদ ভৱনৰ বিগত ৭৫ বছৰৰ যাত্ৰাৰ বিষয়ে আলোচনা কৰা হ’ব ।

জানিব পৰা মতে, ১৯ ছেপ্টেম্বৰ অৰ্থাৎ মঙলবাৰে সম্পূৰ্ণ ৰীতি-নীতিৰে উপাসনা কৰাৰ পাছত সংসদৰ কাম-কাজ পুৰণি সংসদ ভৱনৰ পৰা নতুন সংসদ ভৱনলৈ লৈ যোৱা হ’ব । ইয়াৰ বাবে ব্যাপক প্ৰস্তুতি কৰি থকা হৈছে । দেওবাৰে পুৰণি সংসদ ভৱনত পতাকা উত্তোলনৰ কাৰ্যসূচীৰো আয়োজন কৰা হয় ।

সংসদৰ বিশেষ অধিৱেশনত ৫ খন গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন হোৱাৰ সম্ভৱনা আছে । এই বিশেষ অধিৱেশনত মুখ্য নিৰ্বাচন আয়ুক্ত আৰু অন্যান্য নিৰ্বাচন আয়ুক্ত (নিযুক্তি, সেৱাৰ চৰ্ত আৰু কাৰ্যকাল) বিধেয়ক, ডাকঘৰৰ বিধেয়ক, অধিবক্তা (সংশোধনী) বিধেয়ক, আৰু সাময়িকী প্ৰেছ আৰু পঞ্জীয়ন বিধেয়ক আদি বিভিন্ন বিধেয়ক উত্থাপিত হ’ব । উল্লেখ্য যে,ডাকঘৰ বিধেয়ক ২০২৩ আৰু মুখ্য নিৰ্বাচনী আয়ুক্ত আৰু নিৰ্বাচনী আয়ুক্ত নিযুক্তি সম্পৰ্কীয় বিধেয়ক দুয়োখন প্ৰথমে ৰাজ্যসভাত উত্থাপন কৰা হ’ব । ইয়াৰ উপৰিও, লোকসভাত অধিবক্তা সংশোধনী বিধেয়ক ২০২৩ আৰু প্ৰেছ এণ্ড ৰেজিষ্ট্ৰেচন অফ পিৰিঅ’ডিকেলছ বিধেয়ক ২০২৩ উত্থাপন কৰা হ’ব । দুয়োখন বিধেয়ক ইতিমধ্যে ৰাজ্যসভাত গৃহীত হৈছে(Parliament special session to commence today) ।

প্ৰাপ্ত তথ্য অনুসৰি, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লোকসভা আৰু ৰাজ্যসভাত জ্যেষ্ঠ বিজেপি নেতা পিয়ুষ গোৱালে এই আলোচনা আৰম্ভ কৰাৰ সম্ভাৱনা আছে । ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত তথ্য মতে, মঙলবাৰে পুৱা ১১ বজাত কেন্দ্ৰীয় প্ৰেক্ষাগৃহত লোকসভা আৰু ৰাজ্যসভাৰ সাংসদসকলৰ এখন সভা অনুষ্ঠিত হ’ব আৰু “ভাৰত সংসদৰ চহকী উত্তৰাধিকাৰক স্মৰণ আৰু ২০৪৭ চনৰ ভিতৰত ভাৰতক উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ সংকল্প”ৰ বাবে এক অনুষ্ঠান অনুষ্ঠিত হ’ব। কেন্দ্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানৰ পিছতেই এই বৈঠক নতুন সংসদ ভৱনলৈ স্থানান্তৰ কৰা হ’ব(Parliamentary special session kicks off today with eight bills)।

নতুন সংসদ ভৱনত মঙলবাৰৰ পৰা আনুষ্ঠানিকভাৱে কাম কৰা আৰম্ভ হ’ব । তাৰ ব্যাপক প্ৰস্ততি আৰম্ভ হৈছে আনকি নতুন সংসদ ভৱনৰ কৰ্মচাৰীসকলৰ পোছাকো সলনি কৰা হ’ব ।

লগতে পঢ়ক :CWC Meeting : হায়দৰাবাদত অনুষ্ঠিত কংগ্ৰেছ ৱৰ্কিং কমিটিৰ বৈঠকৰ আজি অন্তিমটো দিন