Parliament Budget Session : আজিৰে পৰা আৰম্ভ হ’ব মোদী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ অন্তিমখন বাজেট অধিৱেশন
নিউজ ডেস্ক, ৩১ জানুৱাৰী : আজিৰে পৰা আৰম্ভ হ’ব মোদী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ অন্তিমখন বাজেট অধিৱেশন (PM Narendra Modi)। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ভাষণেৰে আৰম্ভ হ’ব বাজেট অধিৱেশন ৷ সংসদৰ দুয়োটা সদনৰ যৌথ বৈঠকত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ (President Draupadi Murmu) ভাষণেৰে আৰম্ভ হ’ব এই অধিৱেশন(President’s Address To Kick Off Budget Session Of Parliament Today) ।
১ফেব্ৰুৱাৰী অৰ্থাত কাইলৈ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০২৪-২৫ বৰ্ষৰ অন্তৱৰ্তীকালীন বাজেট উপস্থাপন কৰিব (Union Finance Minister Nirmala Sitharaman)। এপ্ৰিল বা মে’ মাহত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ বাবে ১ ফেব্ৰুৱাৰী বৃহস্পতিবাৰে অন্তৱৰ্তীকালীন বাজেট উপস্থাপন কৰিব বিত্তমন্ত্ৰীয়ে । নতুন চৰকাৰে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত সম্পূৰ্ণ বাজেট উপস্থাপন কৰিব ।
আজিৰ পৰা আৰম্ভ হ’বলগীয়া বাজেট অধিৱেশন ৯ ফেব্ৰুৱাৰীত সমাপ্ত হ’ব। বাজেট অধিৱেশনৰ পূৰ্বে মঙলবাৰে সংসদত এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত হয়(Parliament Budget Session) ।
ইফালে ৯ ফেব্ৰুৱাৰীত সমাপ্ত হ’বলগীয়া সংসদৰ চমু অধিৱেশনৰ মূল কাৰ্যসূচী সম্পৰ্কত যোশীয়ে কৈছিল যে , ৰাষ্ট্ৰপতিৰ ভাষণ, অন্তৱৰ্তীকালীন বাজেট উপস্থাপন আৰু প্ৰধানমন্ত্ৰী মোদীৰ উত্তৰৰ সৈতে ৰাষ্ট্ৰপতিৰ ভাষণত ধন্যবাদ প্ৰস্তাৱৰ ওপৰত বিতৰ্ক(Parliament Budget Session to begin shortly with President’s address) ।
সংসদীয় পৰিক্ৰমা মন্ত্ৰী যোশীৰ মতে, বাজেট অধিৱেশনৰ বাবে চৰকাৰৰ কোনো আইনী কাৰ্যসূচী নাছিল ৷ ৰাষ্ট্ৰপতিৰ ভাষণ, ধন্যবাদ প্ৰস্তাৱৰ ওপৰত বিতৰ্ক, অন্তৱৰ্তীকালীন বাজেট উপস্থাপন আৰু জম্মু-কাশ্মীৰৰ বাবে বাজেটৰ ওপৰত হ’ব ।