Local, Vocal, Global

Parliament Budget Session : আজি সদনত দাখিল হ’ব অন্তৰ্ৱৰ্তীকালীন বাজেট

নিউজ ডেস্ক, ১ ফেব্ৰুৱাৰী : আজি সদনত দাখিল হ’ব অন্তৰ্ৱৰ্তীকালীন বাজেট। পুৱা ১১ বজাত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব বাজেট। মোদী চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ এইখন অন্তিম বাজেট। এপ্ৰিল বা মে’ মাহত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ বাবে আজি অন্তৱৰ্তীকালীন বাজেট উপস্থাপন কৰিব বিত্তমন্ত্ৰীয়ে । নতুন চৰকাৰে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত সম্পূৰ্ণ বাজেট উপস্থাপন কৰিব । বুধবাৰৰ পৰা আৰম্ভ হোৱা বাজেট অধিৱেশন ৯ ফেব্ৰুৱাৰীত সমাপ্ত হ’ব।

উল্লেখ্য যে, বুধবাৰৰ পৰা আৰম্ভ হৈছে মোদী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ অন্তিমখন বাজেট অধিৱেশন (PM Narendra Modi)। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ভাষণেৰে আৰম্ভ হৈছিল বাজেট অধিৱেশন ৷ বুধবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে সংসদৰ যুটীয়া অধিৱেশনত ভাষণ প্ৰদান কৰে(Parliament Budget Session) ।

ৰাষ্ট্ৰপতি মূৰ্মুৱে ভাষণত , ‘‘নতুন সংসদ ভৱনত এইটো মোৰ প্ৰথমটো ভাষণ আৰু নতুন বছৰত এইখন প্ৰথমখন বাজেট। ভাষণত ৰাষ্ট্ৰপতি গৰাকীয়ে লগতে কয় যে, ২০২৩ বৰ্ষটো দেশৰ বাবে এক ঐতিহাসিক বছৰ আছিল ৷ বিশ্বব্যাপী আৰ্থিক সংকটৰ পিছতো ২০২৩ বৰ্ষটো ভাৰতৰ বাবে এক ঐতিহাসিক বছৰ আছিল ৷ কাৰণ মুখ্য অৰ্থনীতিসমূহৰ ভিতৰত ভাৰতৰ অৰ্থনীতিৰ বিকাশ আছিল দ্ৰুততম।

ইয়াৰ লগতে জি-২০ৰ সফলতাই সমগ্ৰ বিশ্বতে ভাৰতৰ ভূমিকা শক্তিশালী কৰিছিল। চৰকাৰে লাখ লাখ যুৱক-যুৱতীক চৰকাৰী চাকৰি দিছে। নাৰী শক্তি আইনে লোকসভা আৰু ৰাজ্যসভাত মহিলাসকলৰ অংশগ্ৰহণ বৃদ্ধি কৰিব। ৰাম মন্দিৰ নিৰ্মাণৰ বাবে বহু বছৰ ধৰি অপেক্ষা কৰা হৈছিল(Centuries-old desire of Ayodhya Ram Mandir now a reality, says President Murmu)। কিন্তু এতিয়া এইটো সম্পূৰ্ণ হৈছে। ইয়াৰোপৰি আৰু বিভিন্ন বিষয়ৰ ওপৰত মন্তব্য প্ৰদান কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে।

লগতে পঢ়ক : Parliament Budget Session : ৰাষ্ট্ৰপতিৰ ভাষণেৰে আৰম্ভ হ’ল সংসদৰ বাজেট অধিৱেশন