Local, Vocal, Global

Paris 2024 Paralympics: : আজিৰে পৰা পেৰিছত আৰম্ভ হ’ব পেৰালিম্পিক, ২০২৪

নিউজ ডেস্ক,২৮আগষ্ট : আজিৰে পৰা পেৰিছত আৰম্ভ হ’ব পেৰালিম্পিক, ২০২৪। বিশ্বৰ প্ৰায় ৪,৪০০ খেলুৱৈয়ে ২২টা ইভেণ্টত অংশগ্ৰহণ কৰিব। ভাৰতৰ ৮৪গৰাকী পেৰাএথলীটে পেৰালিম্পিকত অংশগ্ৰহণ কৰিব।এইবাৰৰ পেৰালিম্পিকত ভাৰতৰ ৮৪জনীয়া খেলুৱৈ দলে ভাগ লব। এয়া হ’ব পেৰালিম্পিকত অংশ লোৱা ভাৰতৰ সৰ্ববৃহৎ দল। ভাৰতে ২২টা শিতানৰ ভিতৰত ১২টাত ভাগ ল’ব। এইবাৰ পেৰা চাইক্লিং, পেৰা জুদো আৰু পেৰা ৰোয়িঙত ভাৰতে প্ৰথমবাৰলৈ ভাগ ল’ব(India at the Paris 2024 Paralympics)।

৮ ছেপ্তেম্বৰত এই প্রতিযোগিতাৰ সামৰণি পৰিব। ফ্রান্সে এইবাৰ প্ৰথমবাৰৰ বাবে গ্ৰীষ্মকালীন পেৰালিম্পিকৰ আয়োজন কৰিছে(Paris 2024 Paralympics)।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ১৯৯২ চনত দেশখনৰ শীতকালীন পেৰালিম্পিক অনুষ্ঠিত হৈছিল। পেৰালিম্পিকত ভাৰতৰ যাত্ৰা ১৯৬৮ চনৰ গেমছত আৰম্ভ হৈছিল । ইজৰাইলৰ তেল আভিভত পেৰালিম্পিকত প্ৰথমবাৰৰ বাবে ভাৰতে প্ৰদৰ্শন আগবঢ়াইছিল। ভাৰতীয় দলৰ অংশ হিচাপে মুঠ ১০জন খেলুৱৈক এই ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। যাৰ ভিতৰত আছিল ৮জন পুৰুষ আৰু দুগৰাকী মহিলা।

লগতে পঢ়ক : Arunachal road accident :পাহাৰীয়া পথৰ পৰা বাগৰি পৰিল সেনাৰ বাহন;নিহত ৩ সেনা জোৱান,আহত ৪জন