Local, Vocal, Global

Parents pour hot oil on 3-year-old girl’s throat : তিনি বছৰীয়া কণমানি শিশুক গাত গৰম তেল ঢালি দিলে জন্মদাতা পাষাণ পিতৃ-মাতৃয়ে

নিউজ ডেস্ক,১জুন “: প্ৰতিগৰাকী ব্যক্তিৰ জীৱনত পিতৃ- মাতৃৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে।পিতৃ মাতৃয়ে এটি সন্তানক পৃথিৱীলৈ অনাই নহয় সন্তানটিক শিক্ষক আৰু বন্ধু হৈ বহু কথাৰে জ্ঞান দিয়ে।পিতৃ- মাতৃৰ ওচৰত সকলো সন্তানে নিৰাপত্তা অনুভৱ কৰে। পিতৃ মাতৃৰ ধাৰ কোনো কালেই পৰিশোধ কৰিব নোৱাৰে কোনোয়ে ।

প্ৰত্যেকজন শিশুৰ জীৱনত পিতৃৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে । পিতৃয়ে এটি সন্তানত সকলো বিপদৰ পৰা ৰক্ষা কৰে । কিন্তু সেয় পিতৃৰ বুকুত যেতিয়া দানৱীয় সত্বাই থিতাপি লয় তেতিয়াই সন্তানত কোনে নিৰাপত্তা দিব।

এগৰাকী পিতৃৰ পাশৱিকতা ! এক অমানৱীয় কাণ্ড সংঘটিত হৈছে শিলচৰত(Parents pour hot oil on 3-year-old girl’s throat) ।

এহাল দানৱৰূপী পিতৃ আৰু মাতৃৰ কৰ্ম-কাণ্ডই এতিয়াই চকু কপালত তুলিছে সকলোৰে(Parents pour hot oil on 3-year-old girl’s throat in Silchar) ।

শিলচৰত সংঘটিত হৈছে এক শিহৰণকাৰী ঘটনাটো। তিনি বছৰীয়া কণমানি শিশু কন্যাৰ কান্দোন সহ্য কৰিব নোৱাৰি গাত গৰম তেল ঢালি দিয়ে জন্মদাতা পাষাণ পিতৃ-মাতৃয়ে।

এই জঘন্য ঘটনাটো সংঘটিত হৈছে শিলচৰ চহৰৰ সোণাইৰোড ফেক্টৰী লেনত। শিশুটিৰ গাত গৰম তেল ঢালি দিয়াৰ পিছত অজ্ঞান হৈ পৰা শিশুটিক ঘৰত এৰি পলায়ন কৰে পিতৃ-মাতৃয়ে। তাৰপিছত, স্থানীয় ৰাইজে ঘটনা সন্দৰ্ভত খবৰ দিয়ে আৰক্ষীক।

ইতিমধ্যে ৰংগিৰখাৰী পুলিচ টাউন আৰক্ষী চকীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত পিতৃ ৰাজদ্বীপ দাস আৰু মাতৃক। কণমানি শিশুটি বৰ্তমান শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে। জানিব পৰা মতে, সোণাইৰোডৰ এটি ভাৰাঘৰত আছিল অভিযুক্ত দাসৰ পৰিয়ালটি।

লগতে পঢ়ক : Dead body recovered in Nalbari : চিপ লৈ ওলমি থকা অৱস্থাত উদ্ধাৰ এহাল যুৱক যুৱতীৰ মৃতদেহ