নাচি-বাগি মোবাইলত ৰেকৰ্ড কৰা মাইনাক চিকিৎসা কৰিবলৈ পিতৃ-মাতৃৰ নাই অৰ্থ
নিউজ ডেষ্ক : হাঁহি-মাতি, খেল-ধেমালি কৰি সময় পাৰ কৰিছিল কণমানি মাইনাই৷ নাচি-বাগি মাতৃৰ মোবাইলটোত ৰেকৰ্ড কৰিছিল৷ বিভিন্ন ভিডিঅ’ তৈয়াৰ কৰি প্ৰতিভা বিকাশ কৰিবলৈ আৰম্ভ কৰিছিল মইনা দেৱীয়ে৷ কিন্তু বিধিৰ কি বিপাক৷ কণমানি মইনা দেৱী আজি বিছনাৰ সংগী৷ লংকাৰ কাকী টিলা ভকত গাঁৱৰ ১২ বছৰীয়া কিশোৰী কৰুন কাহিনী শুনিলে আপোনাৰো চকুলো ওলাব। চাৰিমাহৰ পূৰ্বে টিক টক বনাই নাচি-বাগি থকা সপ্তম শ্ৰেণীৰ ছাত্ৰী মইনা দেৱী আজি শয্যাগত। দুমাহ পূৰ্বে জ্বৰত আক্ৰান্ত হৈছিল কণমানি মাইনা। চিকিৎসা কৰাৰ পাছত ভাল নোহোৱাত প্ৰথমে লংকা, তাৰ পাছত হোজাই আৰু নগাঁৱৰ ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰে পৰিয়ালে৷ কিন্তু মাইনা সুস্থ হৈ নুঠিল। শেষত জাপানী এনকেফেলাইটীজ ৰোগত আক্ৰান্ত বুলি ধৰা পৰে। কন্যাৰ চিকিৎসা বাবে বহু লোকৰ পৰা ধন ধাৰত লবলগীয়া হয় পিতৃ দ্বিজেন নাথে৷ প্ৰায় দুই লাখ টকা খৰচ কৰিলেও যদিও মাইনা সুস্থ হৈ নুঠিল৷ এতিয়া ধনৰ অভাৱত চিকিৎসাৰ কৰিব পৰা নাই মইনাক। নাছি বাগি, খেল ধেমালি কৰি ভাল পোৱা মইনাৰ আজি মুখৰ মাত নোহোৱা হ’ল৷ এতিয়া পৰিয়ালটোৰ একমাত্র ভৰষা চৰকাৰ আৰু ৰাইজ। মইনা আৰু মাতৃৰ ৰাইজলৈ আহ্বান, আমাক সহায় কৰক। মাইনাক জীয়াই থাকিবলৈ দিয়ক। কোনো লোকে মইনাক সহায় কৰিব বিচাৰিলে মাতৃ পদ্মা দেৱীৰ United Bank Of Indiaৰ 1365010271455 আৰু IfSc-PUNBO 136520 নম্বৰত সহায় কৰিব পাৰিব।