WATCH | Parbatijhora News: পৰ্বতঝোৰাত এদল বনদস্যুৰ দপদপনি
পৰ্বতঝোৰা,১মাৰ্চ : পৰ্বতঝোৰাত বন দস্যুই অপৈনত শাল চেগুন গছ কাটি তহলিং।
ডেৰ কুৰি কাঠফলা মিলৰ মালিক সকলৰ লগত গোপন মিতিৰালিৰে চলাই আহিছে বন ধ্বংস অভিযান।
নৱ নিযুক্ত খোৰাঘাট বনাঞ্চলিক বিষয়া সাহা নুৰ আলমৰ অভিযানৰ নাটক।
দৃষ্টি আকৰ্ষণ কৰিব নে অসম চৰকাৰৰ বন মন্ত্ৰী,বিটিআৰ চীফ প্ৰমোদ বড়ো।
শেহতীয়াকৈ পৰ্বতঝোৰা বন সংমণ্ডলৰ বিষয়া কাৰ্য্যালয়ৰ অন্তৰ্গত খোৰাঘাট বনাঞ্চলিক বিষয়া সাহা নুৰ আলমে দায়িত্বভাৰ লোৱাৰ পিছৰে পৰা ধাৰাবাহিক অভিযান চলাই এক প্ৰকাৰ চমক সৃষ্টি কৰাৰ অভিযোগ উত্থাপিত হৈছে(Parbatijhora New)।
উল্লেখ্য যে যোৱা নিশা পৰ্বতঝোৰা বন বিভাগৰ অভিযানত পাঁচটা কৈ চোৰাং ঘোঁৰা গাড়ীসহ জব্দ কৰিছে অপৈনত শাল কাঠৰ কুণ্ডা।
কিন্তু বন দস্যুৰ বিৰুদ্ধে কোনো ধৰণৰ পদক্ষেপ নোলোৱাৰ সততে অভিযোগ উত্থাপিত হৈছে।
আনকি খোৰাঘাট বনাঞ্চলিক বিষয়া কাৰ্য্যালয়ত এক প্ৰকাৰ দালালৰ দপদপনি চলিছে।
৭/৮ টাকৈ বীট কাৰ্য্যালয় থকা স্বত্বেও কেনেকৈ বন দস্যুই অপৈনত শাল চেগুন গছ কাটি তহলিং কৰিবলৈ সুযোগ পালে সেয়া এটা আপত্তিজনক প্ৰশ্ন হিচাপে থিয় দিছে।
নিশা পৰ্বতঝোৰা মাক্ৰিঝোৰাস্থিত মহামায়া সংৰক্ষিত বনাঞ্চলত বন বিভাগে চমক দেখুৱাই পাঁচটাকৈ ঘোঁৰা গাড়ী ভৰ্তি অপৈণত শাল কাঠৰ কুণ্ডা জব্দ কৰি বাতৰিৰ শিৰোনামা দখলৰ প্ৰতিযোগিতা চলাইছে।
জব্দ কৃত পাঁচটা ঘোঁৰা গাড়ী, ঘোঁৰা সহ কাঠ খিনি বন বিষয়া সাহানুৰ আলমে কেনে ধৰণৰ পদক্ষেপ হাতত লয় সেয়া সময়ত হে লক্ষণীয় হ’ব।
আমাৰ হাতত বন বিষয়া সাহানুৰ আলমৰ কাৰুকাৰ্য্যৰ বিৰুদ্ধে স্থানীয় সংগঠনৰ ভাষ্য আছে সেয়া আমি শুনাই ল’ব বিচাৰিছোঁ।
লগতে পঢ়ক :WATCH | Sivsagar News: হাতত ঝাড়ুলৈ শিৱসাগৰ এজন আৰক্ষী বিষয়া