WATCH | Parag Kumar Das : ডিব্ৰুগড় প্ৰেছ ক্লাবৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন সাংবাদিক পৰাগ কুমাৰ দাসক
ডিব্ৰুগড়,১৭মে’ : ১৯৯৬চনৰ ১৭ মে’ত গুৱাহাটীৰ ৰাজগড়ত আততায়ীৰ গুলীত নিহত হৈছিল ৰাজ্যখনৰ এগৰাকী বলিষ্ঠ সাংবাদিক পৰাগ কুমাৰ দাস। আজি তেওঁৰ মৃত্যু বাৰ্ষিকী। ৰাজ্যখনৰ অজস্ৰ গুণমুগ্ধই আজি তেওঁৰ মৃত্যু বাৰ্ষিকীত সাংবাদিকগৰাকীলৈ শ্ৰদ্ধাঞ্জলি যাঁচিবলৈ সাজু হৈছে(Parag Kumar Das)।
সমগ্ৰ ৰাজ্যতে সাংবাদিক গৰাকীক শ্ৰদ্ধাঞ্জলি জনাবলৈ বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সাংবাদিকগৰাকীৰ জীৱন বীক্ষা আৰু কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰি নতুন প্ৰজন্মক উদ্বুদ্ধ কৰাৰ প্ৰচেষ্টা হাতত লৈছে বিভিন্ন সামাজিক তথা সাংবাদিক সংগঠনে।
২৯ সংখ্যক স্মৃতিদিৱসৰ দিনটোত শ্ৰদ্ধাঞ্জলি জ্ঞাপন বিভিন্নজনৰ। সাংবাদিক পৰাগ কুমাৰ দাসৰ মৃত্যু তিথিত বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
লগতে পঢ়ক: WATCH | Jamugurihat News : শোণিতপুৰৰ ভালুকপুংত জব্দ হেৰই’ন,আটক সৰবৰাহকাৰী