Local, Vocal, Global

WATCH | Papaya Health Benefits : অমিতা আমাৰ দেহৰ বাবে কিমান উপকাৰী জানেনে ?

আমাৰ শৰীৰৰ বাবে উপযোগী কেইবাপ্ৰকাৰৰ ভিটামিনেৰে সমৃদ্ধ এবিধ পুষ্টিকৰ আৰু ৰসাল ফল হৈছে অমিতা । যাক নিয়মিয়াকৈ খাব পাৰিলে আমাৰ শৰীৰত ভিটামিনৰ কেতিয়াও অভাৱ নহয়।

আজি জানি লওক অমিতা খালে কি কি উপকাৰ হয়…

সহজতে অৱশোষিত হোৱাৰ বাবে অমিতাই অতি সোনকালে শৰীৰৰ উপকাৰ সাধন কৰিব পাৰে(Papaya Health Benefits)।

উল্লেখযোগ্য যে অমিতাত প্ৰচুৰ পৰিমাণে ভিটামিন এ,বি,চি আৰু কিছু পৰিমাণে ভিটামিন ডিও পোৱা যায় । ইয়াৰ লগতে অমিতা কেলছিয়াম, পটাছিয়াম,ফছফৰাছ, কেৰটিন, আইৰন, এণ্টি অক্সিডেণ্ট, কাৰ্বহাইড্ৰেট আৰু প্ৰটিনেৰে ভৰপূৰ । তদুপৰি অমিতা হৈছে ‘পেপেইন’ নামৰ পোষক পদাৰ্থৰ একমাত্ৰ প্ৰাকৃতিক উৎস । পাচলিৰ বজাৰত অমিতা গোটেই বছৰ জুৰি উপলব্ধ হৈ থাকে ।

অমিতা পেটৰ ৰোগসমূহৰ বাবে বৰ উপকাৰী । অমিতা খালে পাচন তন্ত্ৰ সুস্থ হৈ থাকে । ইয়াৰ দ্বাৰা পেটৰ ৰোগসমূহৰ পৰা হাত হাৰি থাকিব পাৰি ।

অমিতাই বিশেষকৈ পেটৰ তিনি প্ৰকাৰৰ ব্যাধি অম্ল,বাত আৰু পিত্ত ৰোগ প্ৰতিহত কৰিব পাৰে ।

অমিতাত মজুত থকা ভিটামিন এ চকু আৰু ছালৰ বাবে লাভদায়ক । ইয়াৰ দ্বাৰা চকুৰ দৃষ্টিশক্তি বৃদ্ধি হয় আৰু ছাল সুস্থ,পৰিষ্কাৰ আৰু উজ্জল হৈ পৰে ।

অমিতাত কেলছিয়াম যথেষ্ট পৰিমাণে পোৱা যায় । ইয়াৰ দ্বাৰা শৰীৰৰ হাড়বিলাক শক্তিশালী হয় ।

যিসকল ব্যক্তিয়ে বাৰে বাৰে জ্বৰ-কাহত ভোগে,তেওঁলোকে নিয়মিত ৰুপত অমিতা খোৱা উচিত । ইয়াৰ দ্বাৰা শৰীৰৰ ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি পায়।