Local, Vocal, Global

WATCH | Pangolin rescued : বিলাসীপাৰা উদ্ধাৰ বিৰল প্ৰজাতিৰ বনৰৌ

বিলাসীপাৰা,৮মাৰ্চ : বিলাসীপাৰা উদ্ধাৰ বিৰল প্ৰজাতিৰ বনৰৌ। বিলাসীপাৰা টোকৰাবান্ধা গাঁৱত উদ্ধাৰ বিৰল প্ৰজাতি বনৰৌ ।

সন্ধিয়াৰ ভাগত বনৰৌটো পানীৰ সন্ধানত পাহাৰৰ পৰা নামি আহি টোকৰাবান্ধা গাঁৱৰ এখন পথাৰত বনৰৌটো আৱদ্ধ হৈ পৰে(Pangolin rescued)।

স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি তৎক্ষণাত চিৰাকুটা খণ্ড বন বিষয়াক এই সন্দৰ্ভত খবৰ দিয়ে। পিছত ঘটনাস্থলীত চিৰাকুটা খণ্ড বন কৰ্মী আৰু সোনামুখী বন কৰ্মী উপস্থিত হৈ টোকৰাবান্ধা গাঁৱৰ পৰা উদ্ধাৰ কৰে বনৰৌটো।

বন ৰৌটো উদ্ধাৰ কৰি চিৰাকুটা খণ্ড বন কাৰ্য্যালয় লৈ অনা হয় যদিও পিছত বনৰৌটো সুস্থ অৱস্থাত শালকোচা আঞ্চলিক বন বিষয়াৰ নিৰ্দেশ অনুসৰি শালকোচা সংৰক্ষিত বনাঞ্চলত এৰি দিয়ে।

লগতে পঢ়ক :WATCH | International Women’s Day 2025: নাৰী দিৱসৰ দিনাই ভাল খবৰ লাখ লাখ মহিলাৰ বাবে