Local, Vocal, Global

Panchayat secretary caught taking bribe : গৌৰীপুৰত দুৰ্নীতি নিবাৰকৰ জালত গাঁও পঞ্চায়তৰ সচিব

নিউজ ডেস্ক, ১৩মাৰ্চ : ৰাজ্যত প্ৰতিদিনে উৎকোচ হাতে দাঙে চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে । হাত দঙাৰ প্ৰতিযোগিতা চলিছে যেন ৰাজ্যত । নিজৰ চৰকাৰী দৰমহাৰে পেট নভৰে একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰীৰ । নিতৌ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিও একাংশ লোভীয়া কৰ্মচাৰীয়ে লোভ এৰিব পৰা নাই(Panchayat secretary caught taking bribe)।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি দুৰ্নীতিমুক্ত অসম গঢ়াৰ যি প্ৰচেষ্টা, সেয়া যেন সপোন হৈয়ে ৰ’ব ৷ ৰাজ্যত নিতৌ গ্ৰেপ্তাৰ হৈ আছে দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰী।

এইবাৰ গৌৰীপুৰত দুৰ্নীতি নিবাৰণ শাখাৰ জালত পৰিল গাঁও পঞ্চায়তৰ সচিব । উৎকোচ লৈ আটক হ’ল পঞ্চায়ত সচিব(Panchayat secretary caught taking bribe) ।

গৌৰীপুৰত আলমগঞ্জ গাঁও পঞ্চায়তৰ সচিব নুৰুল ইছলাম মোল্লাই ১০ হাজাৰ টকা উৎকোচ লৈ দুৰ্নীতি নিবাৰকৰ জালত পৰিল ।

লগতে পঢ়ক : Suruj Dihingia joins BJP : বিজেপিত যোগদান APCCৰ সাধাৰণ সম্পাদক সূৰুজ দিহিঙীয়াৰ