Local, Vocal, Global

মাহেকত এদিন বা দুদিন কাৰ্যালয়লৈ আহে পঞ্চায়ত সভাপতি-বিষয়া-কৰ্মচাৰী

নিউজ ডেষ্ক : ধুবুৰীত কামত ফাঁকি দিয়া বিষয়া-কৰ্মচাৰী ভৰি পৰিছে পঞ্চায়ত কাৰ্যালয়৷ ধুবুৰী জিলাৰ পঞ্চায়ত কাৰ্যালয়ৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ ধুবুৰী জিলাৰ গোলকগঞ্জ উন্নয়ন খণ্ডৰ অন্তৰ্গত বিছনদৈ গাঁও পঞ্চায়ত কাৰ্যালয়ত একাংশ কৰ্মচাৰী কাৰ্যালয়ত উপস্থিত নথকাৰ অভিযোগ উত্থাপন হৈছে৷ অসম চৰকাৰে কৰ্ম সংস্কৃতি গঢ়াৰ কথা কৈ অহাৰ সময়তে ধুবুৰীৰ গোলকগঞ্জৰ বিছনদৈ পঞ্চায়তত একাংশ চৰকাৰী কৰ্মচাৰীৰ লগতে পঞ্চায়ত সভাপতিয়ে কাৰ্যালয়ত উপস্থিত নথকাৰ অভিযোগ উত্থাপন হৈছে৷ নিজ ইচ্ছামতে মাহেকত এদিন বা দুদিন কাৰ্যালয়ত উপস্থিত থাকি পঞ্চায়তৰ কাম চলাই থকাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। কাৰ্যালয়ত বিষয়া-কৰ্মচাৰী উপস্থিত নথকাত জনসাধৰণে দুৰ্ভোগ ভুগিব লগা হৈছে৷