Local, Vocal, Global

Panchayat polls to be held in December : ডিচেম্বৰ মাহত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন

নিউজ ডেস্ক,২১আগষ্ট: ৰাজ্যত ডিচেম্বৰ মাহত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন । পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাক লৈ মন্তব্য কৰিলে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে।

মন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি এইবাৰৰ পঞ্চায়ত নিৰ্বাচন হ’ব ৰাজনীতি মুক্ত। এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত নাথাকে কোনো দলীয় চিহ্ন। ৰাইজে নহয় এইবাৰ পঞ্চায়ত সভাপতি নিৰ্বাচিত কৰিব পঞ্চায়তৰ ৱাৰ্ড সদস্য সকলে। ২০২৪ৰ ডিচেম্বৰ মাহত ৰাজ্যত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন(Panchayat polls to be held in December)।

শিলচৰ জিলা বিজেপি কাৰ্যালয়ত সংবাদমেলত মন্ত্ৰীগৰাকীয়ে আন এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে।মন্ত্ৰীগৰাকীয়ে কয় যে,৩১ আগষ্টৰ ভিতৰত পঞ্চায়ত আৰু ৭ ছেপ্তেম্বৰৰ ভিতৰত ব্লক পুনৰ গঠন কৰা হ’ব। ২০০১ চনৰ লোকপিয়ল অনুযায়ী ব্লক আৰু পঞ্চায়ত সমূহ পুনৰ গঠন কৰা হ’ব। এই প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পাছত ডিচেম্বৰ মাহত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি জনায় মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে(Panchayat polls to be held in December)।

লগতে পঢ়ক :Tiger terror in Dergaon : দেৰগাঁৱত বাঘৰ সন্ত্ৰাস;আতংকত গঞা ৰাইজ