Local, Vocal, Global

WATCH | Panchayat Election : ৰাজ্যত তুংগত উঠিছে পঞ্চায়ত নিৰ্বাচনৰ প্রচাৰ অভিযান

টীয়ক,২৪এপ্ৰিল : ৰাজ্যত তুংগত উঠিছে পঞ্চায়ত নিৰ্বাচনৰ প্রচাৰ অভিযান। ঠায়ে-ঠায়ে প্ৰতিটো দলৰ প্ৰাৰ্থীসকল নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে। সমান্তৰালকৈ টীয়ক আৰু যোৰহাট সমষ্টিত পঞ্চায়ত নিৰ্বাচনী প্ৰচাৰ তুংগত ।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টীয়কৰ ৰজাবাৰী খেল পথাৰত পঞ্চায়তৰ প্ৰাৰ্থী সকলক লৈ বিশাল জন সভাত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পাছতে প্ৰাৰ্থী সকলৰ ব্যাপক উৎসাহ পৰিলক্ষিত হোৱা দেখা গৈছে(Panchayat Election)।

আজি উত্তৰ হোলোঙাপাৰ জিলা পৰিষদৰ প্ৰাৰ্থী ৰূপক ৰঞ্জন শইকীয়াই তিনি খন পঞ্চায়তত দলীয় কৰ্মীৰ সহযোগত ব্যাপক প্ৰচাৰ চলাইছে। ইফালে ২০ গোহাঁই ফেছুৱাৰ আঞ্চলিক সদস্য দ্বিপেন বুঢ়াগোহাঁইয়ে ঘৰে ঘৰে গৈ ৰাইজৰ মাজত সুমাই পৰা দেখা গৈছে।

আনহাতে টীয়কৰ ২৬ নং গাওঁ পঞ্চায়তৰ ২ নং ৱাৰ্ডৰ নিৰ্দলীয় প্ৰাৰ্থী প্ৰাক্তন বিজেপি নেত্ৰী তথা অসম আন্দোলন লগত জড়িত এগৰাকী দক্ষ মহিলা বীনা বৰকোচে প্ৰতিদ্বন্দ্বী আগবঢ়াবই ব্যস্ত হৈ পৰিছে।

উল্লেখ যে টীয়কৰ মণ্ডলৰ সংখ্যালঘু অধ্যুষিত অঞ্চলৰ এগৰাকী বিভিন্ন অনুষ্ঠান লগত জড়িত উদ্যমী মহিলা চাফিয়া বেগম (ৰুনুমনি ) নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অঞ্চলত টো জন সমৰ্থন লাভ কৰিছে । সংখ্যালঘূ অঞ্চলত প্ৰবীণ এই গৰাকী বিজেপি কৰ্মী এইবাৰ নিৰ্বাচনত নিৰ্দলীয় ভাৱে প্ৰতিদ্বন্দ্বী কৰাত ৰাইজ উৎসাহিত হৈ পৰিছে।

লগতে পঢ়ক : WATCH | Suman Haripriya : ভূপেন বৰাক চিনি নাপাই হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়াই