WATCH | Panchayat Election : ছিপাঝাৰৰ ৪ নং পথৰুঘাট-দুনী জিলা পৰিষদ সমষ্টিত শান্তিপূৰ্ণ আৰু নিয়াৰিকৈ চলি আছে ভোটদান
ছিপাঝাৰ,৭মে’ : দৰঙৰ ছিপাঝাৰ সমষ্টিৰ ৪ নং পথৰুঘাট-দুনী জিলা পৰিষদ সমষ্টিত শান্তিপূৰ্ণ আৰু নিয়াৰিকৈ চলি আছে ভোট গ্ৰহন প্ৰক্ৰিয়া । পুৱা ৭-৩০ বজাৰ পৰা ভোট গ্ৰহন কেন্দ্ৰ সমূহত ভোটাৰ সকলে ভোটদান সাব্যস্ত কৰে(Panchayat Election)।
পুৱাৰে পৰা কেন্দ্ৰসমূহত ভোটাৰৰ লাইন পাতি ভোটদান কৰা দেখা গৈছে। জিলা পৰিষদ সমষ্টিটোৰ ১৯৩ নং চেঙেলীয়াঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, ১৯২ নং নাওপোটা প্ৰাথমিক বিদ্যালয়, ১৯৯ নং বগাচলা প্ৰাথমিক বিদ্যালয়,১৯৪ নং বাঘমাৰা প্ৰাথমিক বিদ্যালয়ৰ থকা ভোট গ্ৰহন কেন্দ্ৰ সমূহত দুৱাৰে পৰা ভোটাৰে উৎসাহেৰে ভোটদান কৰা পৰিলক্ষিত হয়।