Local, Vocal, Global

WATCH | Panchayat Election : অভয়াপুৰীত চলি আছে দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ

অভয়াপুৰী,৭মে’: আজি দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈছে। অভয়াপুৰী বিধানসভা সমষ্টিৰ ২৫ টা পঞ্চায়তৰ ৭৯৭ জন প্ৰাৰ্থীৰ ২০৪৬২৬ জন ভোটাৰে ভাগ্য নিৰ্মাণ কৰিব। ২৮৪ টা ভোট কেন্দ্ৰত পুৱাৰ পৰাই শান্তি পূৰ্ণ ভাৱে ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈছে(Panchayat Election)।

গাঁৱৰ জনসাধাৰণ ওলাই আহিছে নিজৰ নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ। পুৱাই অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ভূপেন ৰায়ে ভোটদান কৰি মনৰ ভাৱ প্ৰকাশ কৰে সাংবাদিকৰ আগত।

লগতে পঢ়ক : WATCH | Panchayat Election : আজি দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন;গোৱালপাৰাৰ গান্ধী প্ৰাথমিক বিদ্যালয়ত ভোটাৰৰ দীঘলীয়া শাৰী