Local, Vocal, Global

WATCH | Panchayat Election : সোমবাৰে অন্ত পৰিল দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযান

নিউজে ডেস্ক,৬মে’ : সোমবাৰে অন্ত পৰিল দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযান । আবেলি ৪ বজাৰ লগে লগে অন্ত পৰিল নিৰ্বাচনী প্ৰচাৰ।

এইবাৰ শাসকীয় পক্ষৰ উন্নয়নৰ প্ৰতিশ্ৰতিৰ বিপৰীতে বিৰোধী দল কংগ্ৰেছে ৰাজ্যত বিজেপিৰ অপশাসনৰ অভিযোগ তুলি তীব্ৰতৰ কৰিছে প্ৰচাৰ অভিযান। বিগত পঞ্চায়ত নিৰ্বাচনৰ দৰে এইবেলি বিৰোধী দল কংগ্ৰেছৰ প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিলে ।

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালক প্ৰচাৰৰ অন্তিম দিনটোত দৰং জিলাৰ ৭নং মোৱামাৰী জিলা পৰিষদ সমষ্টিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ নিৰ্বাচনী চমক।

দৰং জিলাৰ ৭নং মোৱামাৰী জিলা পৰিষদ সমষ্টিত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী মুক্তা দেৱী মণ্ডলৰ হৈ ওলাই আহিল শ শ ৰাইজ। বিশাল বাইক ৰেলীত ৰাইজে শ্ব ইচ্ছাই অংশগ্ৰহন কৰি বিজেপিক পৰাভূত কৰাৰ কৰাণে দলে বলে সাজু হৈ উঠিছে(Panchayat Election)।

বাইক ৰেলিত হাজাৰৰো অধিক বাইকেৰে মুক্তা দেৱী মণ্ডলে প্ৰচাৰ চলোৱা দেখা পোৱা যায়। মুক্তা দেৱী মণ্ডলে মোৱামাৰী জিলা পৰিষদ সমষ্টিত বাইক ৰেলিৰে চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছে।

হাজাৰ হাজাৰ সমৰ্থকেৰে এই বিশাল ৰেলিত অংশগ্ৰহন কৰে দৰং জিলা কংগ্ৰেছৰ উপ-সভাপতি ৰিজু মনি তালুকদাৰ, দৰং জিলা যুৱ কংগ্ৰেছৰ সভাপতি আব্দুলা শেখ। ৰাইজে এইবাৰ বিপুল ভোটত মুক্তা দেৱী মণ্ডলক জয়যুক্ত কৰিব দাবী কৰে উপ-সভাপতি ৰিজু মনি তালুকদাৰে।

লগতে পঢ়ক : WATCH | Lumding News : লামডিং কেন্দ্ৰীয় বিদ্যাল়য়ত বাৰ্ষিক অনুষ্ঠানৰ অয়োজন