Local, Vocal, Global

WATCH | Panchayat Election : লামডিঙত তিনিটা পঞ্চায়তৰ প্ৰচাৰ চলালে কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাচাই

লামডিং, ৫মে’ : দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনটোত প্ৰতিটো ৰাজনৈতিক দলে চলাইছে নিৰ্বাচনী প্ৰচাৰ। লামডিঙত তিনিটা পঞ্চায়তৰ প্ৰচাৰ চলালে কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাচাই ৷

লামডিঙৰ পূৱ, পশ্চিম আৰু দক্ষিণ লামডিং পঞ্চায়তৰ বিজেপী মনোনীত আঞ্চলিক পৰিষদৰ সদস্য আৰু জিলা পৰিষদৰ পাৰ্থীৰ হৈ প্ৰচাৰ চলায় সাংসদ গৰাকীয়ে ৷ তিনিটা পঞ্চায়তৰ তিনিখন নিৰ্বাচনী সভাত অংশ লয় সাংসদ গৰাকীয়ে আৰু সাংসদগৰাকীক সংগ দিয়ে লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰই ৷ সংসদ গৰাকীয়ে নিৰ্বাচনী প্ৰচাৰত বিৰোধীক থকা সৰকা কৰাৰ লগতে যোৰহাট সমষ্টিৰ সাংসদ গৌৰৱ গগৈৰ পাকিস্তানলৈ যোৱাৰ প্ৰসংগ টানি কৈ যে SITত সকলো স্পষ্ট হৈ পৰিব আৰু উলাই পৰিব যে গৌৰৱ গগৈ পাকিস্তানলৈ গৈছিল আৰু তেওঁৰ পত্নী আৰু সন্তান ভাৰতীয় নাগৰিক নহয়(Panchayat Election)৷

লগতে সাংসদ গৰাকীয়ে অখিল গগৈক কটাক্ষ কৰি কয় যে অখিল গগৈৰ সহায় মুখ্যমন্ত্ৰীক নালাগে, অসম চৰকাৰক নালাগে অখিল গগৈৰ সঁহাৰি ৷

লগতে পঢ়ক : WATCH | Husband Killed His Wife : মৰাণত পত্নী হত্যাকাৰী প্ৰকাশ চেত্ৰী ওৰফে কাঞ্চাক গ্ৰেপ্তাৰ