WATCH | Panchayat Election : ৭ মে’ত ৰাজ্যত অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন
চাপৰ,৫মে’ : ৭ মে’ত ৰাজ্যত অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন। দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ আজি প্ৰচাৰৰ অন্তিম দিন। অন্তিম দিনটোত বিলাসীপাৰা সমষ্টিত প্ৰতিজন প্ৰাৰ্থীয়ে চলাইছে মাৰাথন নিৰ্বাচনী প্ৰচাৰ(Panchayat Election)।
বিলাসীপাৰা সমষ্টিৰ ১ নং ফলিমাৰী জিলা পৰিষদৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী ৰেজিনা আহমেদৰ বিশাল নিৰ্বাচনী ৰেলী। যি সময়ত শাসকীয় বিজেপি দলৰ ৰথী মহাৰথীয়ে বিলাসীপাৰা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাইছে। তেনে সময়তে বিৰোধী কংগ্ৰেছ দলেও শক্তি প্ৰদৰ্শন কৰিছে ১ নং ফলিমাৰী জিলা পৰিষদ সমষ্টিত। এতিয়া সময়হে কব অহা ১১ মে ভোট গণনাৰ দিনা কোনে মাৰিব শেষ হাঁহি!
লগতে পঢ়ক : WATCH | Himanta Biswa Sarma : পঞ্চায়ত নিৰ্বাচনৰ মাজতে লাখ লাখ মহিলালৈ ভাল খবৰ মুখ্যমন্ত্ৰীৰ