WATCH | Panchayat Election : আজি দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিম দিন
কোকিলা,৫মে’ : উজনি অসমত পঞ্চায়ত নিৰ্বাচন শেষ হোৱাৰ লগে লগে নামনি অসমৰ নৱগঠিত সৃজনগ্ৰাম সমষ্টিৰ ১১নং কোকিলা জিলা পৰিষদৰ নিৰ্দলীয় প্ৰাৰ্থী ৰমেজ উদ্দিনে শ শ বাইকৰে ৰেলী উলিয়াই শক্তি প্ৰদৰ্শন কৰে। নিৰ্দলীয় প্ৰাৰ্থীজনে দুৰ্নীতিৰ বিৰুদ্ধে ৰাইজক ভোট দিয়াৰ আহ্বান জনায়(Panchayat Election)।
কংগ্ৰেছৰ প্ৰাৰ্থী ছেকেণ্ডাৰ প্ৰধানীৰ লগত কোনো প্ৰতিদ্বন্দিতা নহয় বুলি কৈ ৩৫-৪০ হাজাৰ ভোট লাভ কৰিব বুলি কয়। জিলা কংগ্ৰেছৰ প্ৰাক্তন সম্পাদক ইমৰান হুচেইন খানে সমগ্ৰ অসমতে কংগ্ৰেছে টিকট কেলেংকাৰী কৰাত ৰাইজে দূৰ্নীতি-অনিয়ম-অন্যায়ৰ বিৰুদ্ধে ভোট দিব বুলি মন্তব্য কৰে। আনহাতে সৃজনগ্ৰাম সমষ্টিৰ বিধায়ক আব্দুল বাতিন খন্দকাৰে টিকটৰ ক্ষেত্ৰত দূৰ্নীতি কৰাত ৰাইজে অহংকাৰ দূৰ্নীতিৰ বিৰুদ্ধে ভোট দি নিৰ্দলীয় প্ৰাৰ্থীক ভোট দিব বুলি কয়।
লগতে পঢ়ক : WATCH | Panchayat Election : ৭মে’ ত পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন