WATCH | Panchayat Election : ৭মে’ ত পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন
চাপৰ,৫মে’ : ৭মে’ ত পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন।
নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে উৎকণ্ঠা বাঢ়িছে শাসক বিৰোধীৰ।
শাসকীয় দলৰ সমান্তৰালকৈ বিৰোধী দল কংগ্ৰেছেও নিৰ্বাচনী প্ৰচাৰ তুংগত তুলিছে(Panchayat Election)।
বিলাসীপাৰা সমষ্টিৰ ৪ নং শালকোছাৰ কংগ্ৰেছ দলৰ জিলা পৰিষদৰ প্ৰাৰ্থী শ্যামল চন্দ্ৰ বৰ্মনে ঘৰে ঘৰে, গাঁৱে গাঁৱে গৈ নিৰ্বাচনী প্ৰচাৰ চলায়।
দুখীয়া ৰাইজৰ সহায় কৰা,সমাজৰ উন্নয়ন কৰা, ৰাইজৰ মুল সমস্যা সমাধান কৰাৰ উদ্দেশ্যেৰে নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ কথা উল্লেখ কৰে প্ৰাৰ্থী গৰাকীয়ে।
লগতে কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৰাকীৰ বাবে বিজেপিৰ প্ৰাৰ্থী গৰাকী কোনো প্ৰত্যাহ্বান নহয় বুলিও জানিব দিয়ে।
লগতে পঢ়ক : WATCH | Election Violence : মঙলদৈত নিৰ্বাচনী হিংসা