Local, Vocal, Global

WATCHN | Panchayat Election : পথৰুঘাট-দুনী জিলা পৰিষদ সমষ্টিত বিজেপি প্ৰাৰ্থী ৰূপালী দেৱীৰ মাৰাথন প্ৰচাৰ 

ছিপাঝাৰ,২১ এপ্ৰিল : ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে দৰং জিলাৰ ছিপাঝাৰ সমষ্টিটো পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ বলিছে। ছিপাঝাৰৰ  চাৰি জিলা পৰিষদ সমষ্টিৰ ৪ নং পথৰুঘাট-দুনী জিলা পৰিষদ সমষ্টিত ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ দলৰ মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতাত অৱতীৰ্ণ হোৱা ৰূপালী দেৱী জিলা পৰিষদ সমষ্টিটোত নিজৰ প্ৰচাৰ অভিযান জোৰদাৰ কৰি তুলিছে(Panchayat Election)।

দেওবাৰৰ দিনটোত কেইবা ঠাইত  দলীয় সংগী সকলক লগতলৈ প্ৰচাৰ সভাত অংশ গ্ৰহন কৰি ইয়াৰ চেঙেলীয়াঝাৰ দুৰ্গা মন্দিৰৰ সমীপত বহু সংখ্যক দলীয় কৰ্মী, শুভাকাংক্ষী আৰু সৰ্বসাধাৰণ ভোটাৰ ৰাইজৰ উপস্থিতিত উল্লিখিত জিলা পৰিষদ সমষ্টিটোৰ বিজেপিৰ প্ৰাৰ্থী ৰূপালী দেৱীয়ে  তেওঁ জিলা পৰিষদটোৰ পৰা নিৰ্বাচিত হ’লে ৰাইজৰ লগত থাকি উন্নয়নৰ কাম কৰিব।ৰাইজেই তেওঁৰ বাবে সৰ্বোচ্চ বুলি উল্লেখ কৰি প্ৰতিনিধি হ’লে তেওঁ সম বিকাশ -সম উন্নয়ন ধাৰাৰে ৰাইজৰ সমস্যা সমাধান কৰিবলৈ বদ্ধপৰিকৰ বুলি প্ৰকাশ কৰে।

পথৰুঘাট মণ্ডলৰ মহিলা নেত্ৰী হৰিত্ৰা দেৱীয়ে আঁতধৰা সভাত জিলা সমষ্টিৰ প্ৰাৰ্থী ৰূপালী দেৱীয়ে ছিপাঝাৰৰ উন্নয়নত স্থানীয় সাংসদ আৰু বিধায়কে ৰাইজৰ লগত থাকি সদায়ে ৰাইজৰ উন্নয়নৰ হকে কাম কৰাৰ দৰে তেৱোঁ ৰাইজৰ লগত থাকি ৰাইজৰ কাম কৰাৰ দৃঢ়তা প্ৰকাশ কৰি অহা ৭ মে’ত হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনত সকলোৱে পদুম ফুলৰ প্ৰতীকত বহুমূলীয়া ভোটট দি ৰাইজৰ সেৱা কৰাৰ মনত যি ইচ্ছা সেই ইচ্ছা ৰাইজে পূৰণ কৰিব বুলি আশা কৰি সকলোলৈকে ধন্যবাদ আৰু সেৱা জনাই।

লগতে পঢ়ক : WATCH | Sipajar News : দৰঙী কলা-কৃষ্টি উন্নয়ন সংঘৰ লোকশিল্পীৰ আনন্দ দিন উদযাপন