Local, Vocal, Global

WATCH | Panchayat Election : দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে তুংগত প্ৰচাৰ অভিযান

সৰভোগ,৩মে’ : বৰপেটা জিলা ভৱানীপুৰ সৰভোগ সমষ্টিৰ ৯ নং বালাভিঠা গাওঁ পঞ্চয়তৰ ৪নং খণ্ডৰ সদস্য পদৰ প্ৰাৰ্থী জাকিৰ হুছেইন চৌধুৰীৰ বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত হয়।

নিৰ্বাচনী প্ৰচাৰ সভাত শ শ ৰাইজৰ উপস্থিতি দেখি আচৰিত হৈ পৰে জাকিৰ হুছেইন চৌধুৰীয়ে।

নিৰ্বাচনী প্ৰচাৰ সভা ৰাইজৰ সমাগম দেখি উৎফুল্লিত হৈ পৰে জাকিৰ হুছেইন চৌধুৰী আৰু তেওঁৰ সমৰ্থক সকলে(Panchayat Election)।

জাকিৰ হুছেইন চৌধুৰী ৪ নং খণ্ডৰ পৰা সদস্য পদৰ নিৰ্দলীয়া প্ৰাৰ্থী হিচাপে জয় নিশ্চিত হৈ পৰিছে ।

বিশেষকৈ বালাভিঠা অঞ্চলত ৰাস্তা ঘাটৰ অৱস্থা একেবাৰে জৰাজীৰ্ণ , বৃদ্ধ পেঞ্চন,অৰুনোদয় আচনি ,কৃত্ৰিম বানপানীৰ এই সকলো সমস্যা সমাধান কৰিব বুলি উল্লেখ কৰে জাকিৰ হুছেইন চৌধুৰীয়ে।

লগতে পঢ়ক :WATCH | Jagiroad News : জাগীৰোডত নিৰ্বাচনী প্ৰচাৰ অভিনেত্ৰী আইমী বৰুৱাৰ