WATCH | Panchayat Election: ২ নং বগৰীগুৰীত এ আই ইউ ডি এফ দলৰ মুখ্য কাৰ্য্যালয় উদ্বোধনৰ
সৰভোগ,৩মে’ : সমাগত পঞ্চায়ত নিৰ্বাচনৰ দিন যিমানে চমু চাপি আহিছে সিমানেই উৎকণ্ঠা বৃদ্ধি পাইছে প্ৰাৰ্থী সকলৰ মাজত।
ইপিনে ২ নং বগৰীগুৰী জিলা পৰিষদৰ এ আই ইউ ডি এফ দলৰ সদস্যা পদৰ প্ৰাৰ্থী জাহিদা খাতুনৰ নিৰ্বাচনী মুখ্য কাৰ্য্যালয়খন বালাভিঠা চ’ক বজাৰত উদ্বোধন কৰে ।
আগন্তুক পঞ্চায়ত নিৰ্বাচন সম্পৰ্কে এ আই ইউ ডি এফ দলৰ মুখ্য কাৰ্য্যালয় উদ্বোধনৰ পিছতে এক সংবাদ মেলৰ আয়োজন কৰে(Panchayat Election)।
বিশেষকৈ দুৰ্নীতিমুক্ত পঞ্চায়ত গঢ়াৰ লক্ষ্যৰে আৰু স্বচ্ছ নিকাহপূৰ্ণৰে পঞ্চায়তৰ আঁচনিসমূহৰ কাম কৰিব বুলি উল্লেখ কৰে জাহিদা খাতুনে।
বিগত সময়ত জিলা পৰিষদৰ সদস্যই যি কাম কৰিছিল তাতকৈ এইবাৰ জিলা পৰিষদৰ সদস্যাই অধিক কাম কৰিব বুলি জানিব দিয়ে ।
নিৰ্বাচনত জয়লাভ কৰিব পাৰিলে বেকী নৈ ,নলঝোৰা নদীৰ গৰাহখহনীয়া , ৰাস্তা ঘাট , নলা , অৰুনোদয় আঁচনি, জব কাৰ্ড, ৰেচন কাৰ্ড, প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ ,শৌচালয় আদি সকলো সমস্যা সমাধান কৰিব বুলি উল্লেখ কৰে জাহিদা খাতুনে।
লগতে পঢ়ক : WATCH | HS Result : উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উজলিল নদুৱাৰৰ বালিজুৰি চিনিয়ৰ চেকেণ্ডেৰী স্কুল