WATCH | Panchayat Election : পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এটা পথক লৈ ৰাইজৰ উত্তাল প্ৰতিবাদ
চাপৰ,১মে’ : সমাগত পঞ্চায়ত নিৰ্বাচন। পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এটা পথক লৈ ৰাইজৰ উত্তাল প্ৰতিবাদ।
বঙাইগাঁও জিলাৰ পূৰ্বৰ দক্ষিণ বইটামাৰী গাওঁ পঞ্চায়ত আৰু বৰ্তমানৰ ধনতোলা গাওঁ পঞ্চায়তৰ অন্তৰ্গত ঢাকানাবাৰী গাঁৱত এই প্ৰতিবাদ।
ঢাকনাবাৰী ৫নং ৱাৰ্ডৰ সদস্য আলিমুদ্দিন সেখৰ বিৰুদ্ধে এই প্ৰতিবাদ।
নিম্নমানৰ পথ নিৰ্মাণৰ কৰি দুৰ্নীতি কৰাৰ অভিযোগ ৰাইজৰ(Panchayat Election)।
পথ নিৰ্মাণত জড়িত শ্ৰমিকক প্ৰাপ্য মজুৰি নিদিয়াৰ অভিযোগ শ্ৰমিকসকলৰ।
জিলা প্ৰশাসনক অৱগত কৰাৰ পিছতো বঙাইগাঁওৰ স্থানীয় প্ৰশাসনে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ।
আনফালে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰা ৱাৰ্ড সদস্য আলিমুদ্দিন সেখে পুনৰ বাৰ পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাক লৈ ৰাইজৰ ক্ষোভ।
ৰাইজৰ দাবী পথটো পুন নিৰ্মাণ কৰি যাতায়তৰ বাবে সুচল কৰিব লাগে আৰু শ্ৰমিক সকলৰ প্ৰাপ্য মজুৰি অনতিপলমে আদায় দিব লাগে।
লগতে পঢ়ক : WATCH | Jamugurihat News : জামুগুৰিহাটৰ যুৱক দেৱৰ্ষি নাথৰ বিৰল স্বীকৃতি অৰ্জন