WATCH | Panchayat Election : চাহ বাগিচাৰ চালানত নিৰ্বাচনী প্ৰচাৰ প্ৰাৰ্থীৰ
জামুগুৰিহাট,১মে’ : কাইলৈ প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন। বুধবাৰে সন্ধিয়া ৪ বজাৰ লগে লগে সামৰনি পৰিল নিৰ্বাচনী প্ৰচাৰ(Panchayat Election)৷ বাগিচাৰ চালানে চালানে অন্তিম নিৰ্বাচনী প্ৰচাৰ চলালে ৰঙাপৰা সমষ্টিৰ অন্তৰ্গত ৬৬ নং ফুলবাৰী গাঁও পঞ্চায়তৰ ৬ নং আঞ্চলিক পঞ্চায়তৰ সদস্য ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত প্ৰাৰ্থী তথা প্ৰাক্তন আটছা নেতা কুমাৰ মল্লিকে ৷
ফুলবাৰী গাঁও পঞ্চায়তৰ ৬ নং আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ প্ৰাৰ্থী তথা ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত প্ৰাৰ্থী কুমাৰ মল্লিক চালানৰ একাংশ শ্ৰমিক মহিলাই নিজ হাতেৰে খুৱালে ভাত ৷ আনহাতে একাংশ শ্ৰমিকে যোগান ধৰিলে পানী ৷ চালানলৈ নিয়া ভাত আৰু পানী খুৱাই সকলো শ্ৰমিক মহিলাই দিলে আৰ্শীবাদ ৷ পঞ্চায়ত নিৰ্বাচনত পাঁচ হাজাৰতকৈ অধিক ভোটত জয়ী হ’ব বুলি আশাবাদী প্ৰাৰ্থীগৰাকী ৷
লগতে পঢ়ক : WATCH | Hajo News : নিশা হাজোৰ পোৱামক্কা দৰ্গা শ্বৰীফৰ দান পাত্ৰৰ টলা ভাঙিলে চোৰে