WATCH | Panchayat Election 2025 : পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ বিভিন্ন ব্লক আৰু চক্ৰ বিষয়ৰ কাৰ্যালয়ত হেতা ওপৰা লগিছে প্ৰাৰ্থীয়ে

হাজো,৮এপ্ৰিল : সমাগত পঞ্চায়ত নিৰ্বাচন।পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ বিভিন্ন ব্লক আৰু চক্ৰ বিষয়ৰ কাৰ্যালয়ত হেতা ওপৰা লগিছে প্ৰাৰ্থীয়ে।ইতিমধ্যে আৰম্ভ হৈছে মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া। পিছে পঞ্চায়তত প্ৰতিদ্বন্দিতা কৰিব ওলোৱা একাংশ প্ৰাৰ্থীৰ জ্ঞানৰ নমুনা দেখিলে পেটতে হাত ভৰি লুকাব সকলোৰে। একাংশ প্ৰাৰ্থীয়ে নাজানে তেওঁলোক পঞ্চায়তৰ নাম(Panchayat Election 2025)।
নাজানে পঞ্চায়ত মন্ত্ৰী,অসমৰ মুখ্যমন্ত্ৰী আৰু দেশৰ প্ৰধানমন্ত্ৰীৰ নাম। এয়া হাজো উন্নয়ন খণ্ডৰ দৃশ্য। গাঁও সভাৰ সদস্য পদৰ বাবে মনোনয়ন দাখিল কৰি আহি লগ পালে সাংবাদিক। সাংবাদিকৰ প্ৰশ্ন
অসমৰ পঞ্চায়ত মন্ত্ৰী কোন ?এজনে উত্তৰ দিলে অসমৰ পঞ্চায়ত মন্ত্ৰী ৰনোজ পেগু,
এইবাৰ শুনক আন এগৰাকী প্ৰাৰ্থীৰ মন্তব্য, বাইদেউৱে নাজানে অসমৰ মুখ্যমন্ত্ৰী কোন? অসমৰ পঞ্চায়ত মন্ত্ৰী আৰু দেশৰ প্ৰধানমন্ত্ৰীৰ নামো নাজানে হেনো বাইদেউৱে।
এইবাৰ চাওক এই গৰাকী প্ৰাৰ্থীক। কোচত কেঁচুৱা লৈ পঞ্চায়ত নিৰ্বাচনৰ বাবে মনোনয়ন দিবলৈ আহিছে এই গৰাকী প্ৰাৰ্থীয়ে। চাওঁ আহকচোন বাইদেউৰ জ্ঞানৰ গভীৰতা,বাইদেউক প্ৰথমে সোধা হল তেওঁৰ পঞ্চায়তৰ নাম কিন্তু বাইদেউয়ে ভালকৈ নাজানো নিজৰ পঞ্চায়তৰ নাম।এইবাৰ সোধা হল অসমৰ পঞ্চায়ত মন্ত্ৰী কোন? বাইদেউৰ উত্তৰ
অসমৰ পঞ্চায়ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এইবাৰ সোধা হল অসমৰ মুখ্যমন্ত্ৰী নাম,বাইদেউৰ উত্তৰ অসমৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদী
এয়াই হৈছে একাংশ পঞ্চায়ত নিৰ্বাচনত অৱৰ্তীন হবলৈ ওলোৱা প্ৰাৰ্থীৰ জ্ঞানৰ নমুনা।এই সকলৰ প্ৰাৰ্থীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি শক্তিশালী কৰিব পঞ্চায়টি ৰাজ ব্যৱস্থা ।
লগতে পঢ়ক : WATCH | Goreswar News : গোৰেশ্বৰৰ NRDS মহাবিদ্যালয়ত বিনামূলীয়া চিকিৎসা শিবিৰ