Local, Vocal, Global

WATCH | Panchayat Election 2025: অহা ৭ মে’ত ৰাজ্যৰ দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন

বকো,৩এপ্ৰিল : অহা ৭ মে’ত ৰাজ্যৰ দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন। বকোৰ ৩৩ নং পূৱ বেকেলী গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়ত সদস্য পদৰ নিৰ্দলীয় মনোনীত প্রার্থী পুষ্প কুমাৰ দাসৰ নিৰ্বাচনী প্ৰচাৰ তুংগত।

অহা ৭ মে’ত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচন মাজত মাথো কেইটামান দিনহে বাকী আছে। ৰাজ্যৰ নামনি অসমত গৰম হৈ পৰিছে পঞ্চায়ত নিৰ্বাচনৰ ধুমুহা ৷ প্ৰতিটো ৱাৰ্ডে ৱাৰ্ডে চলিছে নিৰ্বাচনৰ ব্যাপক প্ৰচাৰ অভিযান ৷ এই লৈ ৭ মে’ত হ’বলগীয়া ৰাজ্যৰ দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ এতিয়া চোকে কোণে এটিয়া নিৰ্বাচনী জোৱাৰ বাৰুকৈ বলিছে ।

এই জোৱাৰে বাদ পেলোৱা নায় বকোৰ ৩৩ নং পূৱ বেকেলী গাঁও পঞ্চায়তকো। ৩৩ নং পূৱ বেকেলী গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ ৰাইজৰ মনোনীত নিৰ্দলীয় প্রার্থী পুষ্প কুমাৰ দাসৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠা পৰিলক্ষিত হৈছে( Panchayat Election 2025)।

নিৰ্দলীয় প্রার্থী পুষ্প কুমাৰ দাসে জনায় যে, মোক ৰাইজে আকোৱালি লৈছে, মই ৰাইজৰ পৰা পুৰ্ণঙ্গ সহাৰি পাইছো, আঞ্চলিক পঞ্চায়তৰ সদস্যত ৰাইজে মোক জিকায় নিব, মই জয়ী হোৱাতো নিশ্চিত।

ৰাইজে স্বতস্ফুত ভাৱে ওলাই আহি দুখিলা পাতৰ ছবিত ভোট দি বিপুল ভোটত জয় যুক্ত কৰিব বুলি কয় প্ৰাৰ্থী গৰাকীয়ে।

লগতে পঢ়ক : WATCH | Food poisoning case in Dibrugarh : খাদ্যৰ বিষক্ৰিয়া হৈ ৫০ জনতকৈও অধিক লোক চিকিৎসাধীন