Local, Vocal, Global

WATCH | Panchayat Election 2025 : হাতত গামোচা লৈ ভোটাৰ ৰাইজৰ ঘৰে ঘৰে প্ৰাৰ্থী

চাপৰ,২৯এপ্ৰিল : সমাগত পঞ্চায়ত নিৰ্বাচন। নিৰ্বাচনৰ দিন যিমানে চমু চাপি আহিছে সিমানে নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। ভোটাৰৰ মন জয় কৰিবলৈ উঠি পৰি নামিছে শাসক বিৰোধী।এখেতৰ নাম হ’ল সুনিল কুমাৰ ৰায়। সুনিল কুমাৰ ৰায়ে এইবেলি ১ নং বহলপুৰ গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়ত সদস্য পদৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা আগবঢ়াইছে।

ইতিমধ্যে প্ৰাৰ্থী গৰাকীয়ে ভোটাৰৰ ঘৰে ঘৰে গৈ জেষ্ঠ সকলক গামোচা পিন্ধাই আশীৰ্বাদ গ্ৰহণ কৰি ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। সমান্তৰাল ভাৱে ৰাইজৰ বিপুল সঁহাৰি লাভ কৰে বুলি জানিব পৰা গৈছে। এতিয়া মাথোঁ সময়ৰ হে অপেক্ষা , সময়ে হে কব কোনে মাৰিব শেষ হাঁহি(Panchayat Election 2025)!

সুনিল কুমাৰ ৰায়ে ভোটাৰৰ ৰাইজক বিনম্ৰভাৱে অনুৰোধ জনাই কয় যে এইবেলি তেখেতক হাতৰ ছবিত ভোট দি বিপুল ভোটত জয়যুক্ত কৰে যেন।

লগতে পঢ়ক : WATCH | Mushalpur News : বাক্সাৰ অহোপাত বিশেষ চিকিৎসা শিবিৰ