WATCH | Panchayat Election 2025 : কামৰূপ জিলাৰ ৮নং বেকেলি জিলা পৰিষদত বিনা প্ৰতিদ্বন্দিতাৰে জয়ী NDA মিত্ৰজোঁটৰ প্ৰাৰ্থী দেৱজ্যোতি ৰাভা

বকো,১৩এপ্ৰিল : কামৰূপ জিলাৰ ৮নং বেকেলি জিলা পৰিষদত বিনা প্ৰতিদ্বন্দিতাৰে জয়ী NDA মিত্ৰজোঁটৰ প্ৰাৰ্থী দেৱজ্যোতি ৰাভা।
পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে ইজনৰ পিছত সিজন বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ জয়ী হোৱা খবৰে উৎফুল্লিত কৰি তুলিছে সমগ্ৰ ৰাভা হাছং এলেকাত। শেহতীয়াভাৱে ৮ নং বেকেলী জিলা পৰিষদত বিনা প্ৰতিদ্বন্দিতাৰে জয়লাভ দেৱজ্যোতি ৰাভাৰ। কামৰূপ জিলাৰ অন্তৰ্গত বেকেলি ZPC আসনত বিজেপি, অসম গণ পৰিষদ আৰু ৰাভা হাছং যৌথ মঞ্চ অৰ্থাৎ NDAৰ পৰা আগবঢ়াইছিল প্ৰতিদ্বন্দ্বিতা।
জয়লাভৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, ৰাভা হাছং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী টংকেশ্বৰ ৰাভা আৰু মিত্ৰজোঁটৰ সমূহ কৰ্মকৰ্তা, সমৰ্থক সকলক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে বিজয়ী প্ৰাৰ্থী গৰাকীয়ে(Panchayat Election 2025)।
ইফালে, NDA মিত্ৰজোঁটৰ শক্তি তথা ৰাইজৰ বিপুল সমৰ্থন দেখি উক্ত আসনত বিৰোধীয়ে কোনো প্ৰাৰ্থীয়ে দিব নোৱাৰিলে বুলি দাবী বিজয়ী প্ৰাৰ্থী তথা সমৰ্থক সকলৰ। ৭ মে’ত কামৰূপ জিলাতো অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন। অনাগত দিনত ৰাইজৰ উন্নয়ন , হিতৰ বাবে কাম কৰি যাব বুলি মন্তব্য দেবজ্যোতি ৰাভাৰ।
লগতে পঢ়ক : WATCH | Rongali Bihu : ব’হাগত জেতুকা লোৱাটো অসমীয়া সংস্কৃতিৰ এৰাব নোৱাৰা পৰম্পৰা