Local, Vocal, Global

WATCH | Panchayat Election 2025 : পঞ্চায়ত নিৰ্বাচনত বিনা প্ৰতিদ্বন্দিতাৰে জয় বকোত এ পি সদস্যাৰ প্ৰাৰ্থী ৰুমা ৰাভাৰ

বকো,১২এপ্ৰিল : পঞ্চায়ত নিৰ্বাচনত বিনা প্ৰতিদ্বন্দিতাৰে জয় বকোত এন ডি এৰ সমৰ্থীত এ পি সদস্যাৰ প্ৰাৰ্থী ৰুমা ৰাভাৰ।

সমাগত পঞ্চায়ত নিৰ্বাচনৰ ৰণ ডংকাই উদুলি মুদুলি পৰিবেশ সৃষ্টি কৰিছে কামৰূপ জিলাৰ বকোত। ইফালে বকো উন্নয়ণ খণ্ডৰ অন্তৰ্গত নৱ গঠিত ২৭ নং দক্ষিণ পশ্চিম বকো গাওঁ পঞ্চায়তৰ পৰা জাৰাপাৰা গাওঁৰ সৰবৰহী মহিলা ৰুমা ৰাভা (দাস)এ আঞ্চলিক সদস্যা পদত নিৰ্বাচন খেলিবলৈ মনোনয়ন পত্ৰ দাখিল কৰিছে।

আনহাতে আজি মনোনয়ন পত্ৰ পৰীক্ষা নিৰীক্ষা কৰাৰ সময়ত জানিব পৰা গৈছে যে ; উক্ত পঞ্চায়তত এগৰাকীয়ে এ পিৰ সদস্যা। সেয়ে ৰুমা ৰাভা (দাস) বিনা প্ৰতিদ্বন্দিতাৰে মনোনীত হৈ জয়ী হৈছে বুলি জানিব দিয়ে বকোৰ প্ৰাক্তন বিধায়ক জ্যোতিপ্ৰসাদ দাসে। উল্লেখ্য যে ; অসম গণ পৰিষদ,ভাৰতীয় জনতা পাৰ্টী আৰু ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি (মিত্ৰজোঁট)ৰ সমৰ্থীত প্ৰাৰ্থী ৰুমা ৰাভা দাস বিনা প্ৰতিদ্বন্দিতাৰে মনোনীত হোৱাত আনন্দৰ বন্যা বইছে এন ডি এৰ নেতা কৰ্মীৰ মাজত(Panchayat Election 2025)।

মনোনয়ন পত্ৰ পৰীক্ষা নিৰীক্ষা কৰা সময়ত উপস্থিত থাকে অগপৰ উপ-সভাপতি জ্যোতি প্ৰসাদ দাস, সাংগাঠনিক সম্পাদক পৰান জ্যোতি দাস , অগপৰ জ্যেষ্ঠ কৰ্মী গিৰীন্দ্ৰ কুমাৰ চৌধুৰী ; প্ৰাৰ্থী গৰাকীৰ স্বামী মনোজ দাসৰ উপৰিও বহু সংখ্যক সমৰ্থক।

লগতে পঢ়ক : WATCH | Hanuman Jayanti 2025 : আজি হনুমান জয়ন্তী;বকোৰ ধূপগুৰী হনুমান মন্দিৰত ভক্তৰ লানি নিচিগা সোঁত