WATCH | Panchayat Election 2025 : ২৬’ বিধানসভা দখলৰ লক্ষ্যৰে পঞ্চায়ত নিৰ্বাচনত নামিছে ৰাইজৰ দল
টীয়ক,২৯এপ্ৰিল : পঞ্চায়ত নিৰ্বাচনক লৈ ব্যাপক ব্যস্ততা বাঢ়িছে ৰাজনৈতিক দলসমূহৰ মাজত। শাসকীয় বিৰোধী সকলো নেতা ব্যস্ত ইজনে সিজনক কটাক্ষ কৰাত। উজনি অসমৰ অন্যতম জনপ্ৰিয় বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু বিধায়ক অখিল গগৈৰ মাজত চলিছে কথাৰ কটাকটি।
উল্লেখযোগ্য যে এইবাৰ ৰাইজৰ দলে পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হৈছে। প্ৰতিটো সমষ্টিতে নূন্যতম এখনকৈ জিলা পৰিষদত প্ৰাৰ্থীত্ব প্ৰদান কৰিছে।এয়া পূৰ্বৰ টীয়ক বৰ্তমানৰ যোৰহাট বিধানসভা সমষ্টিৰ অন্তৰ্গত ১১ নং উত্তৰ হোলোঙাপাৰ জিলা পৰিষদৰ ৰাইজৰ দলৰ প্ৰাৰ্থী সত্যনাৰায়ণ ভড়ালীৰ নিৰ্বাচনী প্ৰচাৰৰ দৃশ্য।
ঐক্যবদ্ধ,আপোচবিহীন,প্ৰগতিশীল আদৰ্শেৰে এই আঞ্চলিক ৰাজনৈতিক দলটি নামি পৰিছে নিৰ্বাচনী যুজঁত। পূৰ্বৰ চৰকাৰসমূহৰ অৰাজকতা আঁতৰাই প্ৰকৃত পঞ্চায়তীৰাজ প্ৰতিষ্ঠাৰ উদ্দেশ্যে তথা অনাগত বিধানসভা নিৰ্বাচনৰ এয়া মাত্ৰ কুচকাৱাজ বুলি অভিহিত কৰি অন্তত: এইবাৰ ৰাইজৰ প্ৰকৃত উন্নয়নৰ স্বাৰ্থত গেচ চিলিণ্ডাৰৰ চিহ্ন ভোট দিবলৈ প্ৰচাৰ বাহন লৈ এইদৰে ঘৰে ঘৰে নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে প্ৰাৰ্থীগৰাকীয়ে আৰু ৰাইজৰ ইতিবাচক সহাৰি লাভ কৰিছে বুলি মন্তব্য কৰিছে(Panchayat Election 2025)।
ইপিনে উচ্চ শিক্ষত যুৱক বাবলু বৰবৰাই মৰিয়নি সমষ্টিৰ অন্তৰ্গত বলমা জিলা পৰিষদত প্ৰাৰ্থীত্ব আগবঢ়াই ৰাইজৰ মাজত সোমাই পৰিছে।লগতে তেওঁৰ দৰে ওলাই অহা যুৱকচামত ৰাজনৈতিকভাৱে শক্তিশালী কৰি আবেগ নহয় বিবেক ভোট প্ৰদানেৰে দেশ তথা জাতিটোৰ হকে কাম কৰিবলৈ সুবিধা প্ৰদান কৰিবলৈ ৰাইজক আহ্বান জনাইছে।
লগতে পঢ়ক : WATCH | Gaurav Gogoi : ‘অখিল গগৈৰ ডাঙৰীয়াৰ কথাবোৰ মই অলপ ধৰিবলৈ টান পাইছোঁ’