WATCH | Panchayat Election : জোনাইত হুইল চেয়াৰত বহি জিলা পৰিষদৰ মনোনয়ন পত্ৰ দিবলৈ আহিল এগৰাকী মহিলা প্ৰাৰ্থী
ধেমাজি,১২এপ্ৰিল : জোনাইত হুইল চেয়াৰত বহি জিলা পৰিষদৰ মনোনয়ন পত্ৰ দিবলৈ আহিল এগৰাকী মহিলা প্ৰাৰ্থী ।
গাঁও পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিমটো দিন। ৰাজ্য বিভিন্ন জিলাৰ লগতে ধেমাজি জিলাৰ বিভিন্ন উন্নয়ন খণ্ডত ধেমাজি জিলাৰ মুঠ ১২ খন জিলা পৰিষদ আৰু ৬৫ টা গাঁও পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন দাখিলৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ ভিৰ(Panchayat Election)।
তাৰ সমান্তৰালকৈ জোনাইত হুইল চেয়াৰত বহি জিলা পৰিষদৰ মনোনয়ন পত্ৰ দিবলৈ আহিল এগৰাকী মহিলা প্ৰাৰ্থী।
কংগ্ৰেছ দলৰ প্ৰাৰ্থী কমলাবতি দলে পেগুৱে ৰাইজৰ ওপৰত বিশ্বাস আৰু আশ্বাস থকাৰ বাবে প্ৰতিদ্বন্দিতাত নমা বুলি মন্তব্য আগবঢ়ায়। লগতে ধেমাজি বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰদলনি উন্নয়ন খণ্ডত বিজেপি দলৰ প্ৰাৰ্থী জ্যোতি প্ৰভা পেগু য়ে মনোনয়ন পত্ৰ দাখিল কৰে।
ধেমাজি উন্নয়ন খণ্ডত উত্তৰ ধেমাজি জিলা পৰিষদ বাবে ও কংগ্ৰেছৰ জ্যেষ্ঠ নেতাই মনোনয়ন পত্ৰ দাখিল কৰে বুলি জানিবলৈ দিয়ে। আৰু মাছখোৱাৰটো বিজেপি দলৰ হৈ বিশাল ৰেলি কৰি জিলা পৰিষদ বাবে জীবন গগৈয়ে দিলে মনোনয়ন পত্ৰ।
লগতে পঢ়ক :WATCH | Pradhan Mantri Awas Yojana : লাখ লাখ লোকে লাভ কৰিব চৰকাৰী পকীঘৰ