Pakistans ex-PM Imran Khan arrested : প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক গ্ৰেপ্তাৰ, ৩ বছৰৰ কাৰাদণ্ড
ইণ্টাৰনেশ্যনেল ডেস্ক, ৫আগষ্ট : প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক ৩ বছৰৰ কাৰাদণ্ড(Pakistan ex PM Imran Khan arrested) । শনিবাৰে জিলা আৰু দায়াৰ আদালতে কাৰাদণ্ড বিহিলে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক । পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক তোছাখানা গোচৰত তিনি বছৰৰ কাৰাদণ্ড বিহিলে (Pakistans ex PM Imran Khan arrested)। ইছলামবাদৰ বিচাৰ আদালতে ইমৰাণ খানক পাঁচ বছৰৰ বাবে সক্ৰিয় ৰাজনীতিত অংশগ্ৰহণৰ পৰাও নিষেধাজ্ঞা আৰোপ কৰে।ক্ষমতাত থকা সময়ত দামী দামী ৰাজ্যিক উপহাৰ বিক্ৰী কৰি লাভৱান হোৱাৰ অভিযোগ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে(Pakistans ex PM Imran Khan arrested gets 3 years in jail in Toshakhana corruption case)।
উল্লেখ্য যে, শুকুৰবাৰে নিম্ন আদালতৰ ৰায়ক স্থগিত ৰাখি পাকিস্তানৰ এখন উচ্চ ন্যায়ালয়ে নতুনকৈ ৰায় দিব বুলি জনাইছিল। কিন্তু শনিবাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক শাস্তি ঘোষণা কৰে। শণিবাৰে আদালতত তেওঁক উপস্থিত থাকিবলৈ কয় যদিও শুনানিৰ সময়ত তেওঁ আদালতত উপস্থিত নাছিল(Pakistan ex PM Imran Khan arrested after being sentenced to 3 years jail in Toshakhana case)।
তোছাখানা গোচৰৰ পৰা পৰিত্ৰাণ পাব বাবে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী । বুধবাৰে তেওঁৰ সেই আৱেদন খাৰিজ কৰে পাকিস্তানৰ শীৰ্ষ আদালতে।প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমাৰন খানৰ বিৰুদ্ধে ৰুজু হৈ আছে একাধিক গোচৰ । যাৰ ভিতৰত এই গোচৰ আছিল অন্যতম। তোছাখানা গোচৰৰ ভিত্তিতে দোষী সাব্যস্ত কৰে আৰু ৩ বছৰৰ কাৰাদণ্ড বিহে।
উল্লেখ্য যে , প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ বিৰুদ্ধে অভিযোগ উঠিছে যে ২০১৮ চনৰ পৰা ২০২২ লৈ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বত থকাৰ সময়তে তেওঁ পদৰ অপব্যৱহাৰ কৰিছিল। প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়ত তেওঁ পোৱা উপহাৰবোৰ চৰকাৰী ভাণ্ডাৰত জমা নকৰি বিক্ৰী কৰি দিয়াৰ অভিযোগ উঠিছে তেওঁৰ বিৰুদ্ধে।
আদালতৰ ৰায়ৰ পিছতে পঞ্জাৱ আৰক্ষীৰ সমন্বয়ত ইছলামবাদ আৰক্ষীয়ে লাহোৰৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক। তেওঁক লাহোৰৰ পৰা ইছলামবাগলৈ প্ৰেৰণ কৰা হৈছে। ইয়াৰোপৰি ১ লাখ টকাৰ জৰিমণাও বিহিছে ইমৰান খানক। আৰু ১ লাখ টকা জৰিমণা নিদিলে অতিৰিক্ত ভাৱে ৬ মাহ জেল খাটিব লাগিব প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীয়ে ।
পিটিআইৰ সাধাৰণ সম্পাদক ওমৰ আয়ুব খানে কয় যে ইমৰান খানক গ্ৰেপ্তাৰ কৰা হৈছে। শান্তিপূৰ্ণ প্ৰতিবাদ প্ৰতিজন পাকিস্তানীৰ সাংবিধানিক অধিকাৰ(Imran Khan arrested)।
লগতে পঞ্জাৱ ইউনিটে এটা টুইটযোগে কয় যে, ” “ইমৰাণ খানক কোট লখপট কাৰাগাৰলৈ স্থানান্তৰ কৰা হৈছে।”৭০ বছৰীয়া ৰাজনীতিবিদগৰাকীয়ে ক্ষমতাত থকাৰ সময়ত দামী ৰাজ্যিক উপহাৰ বিক্ৰী কৰি লাভৱান হোৱাৰ অভিযোগ উত্থাপন হৈছে।
শুকুৰবাৰে পাকিস্তানৰ উচ্চতম ন্যায়ালয়ে ইছলামবাদ উচ্চ ন্যায়ালয়ত গোচৰটো আন এখন আদালতলৈ হস্তান্তৰ কৰাৰ বাবে আবেদন চলি থকা বুলি লক্ষ্য কৰি বিচাৰ প্ৰক্ৰিয়াৰ বিৰুদ্ধে ইমৰাণ খানৰ আবেদন খাৰিজ কৰে। ইমৰাণ খানে কোনো ধৰণৰ অন্যায় কৰা বুলি অস্বীকাৰ কৰিছে আৰু তেওঁৰ আইনী দলটোৱে তাৎক্ষণিকভাৱে আবেদন দাখিল কৰিব বুলি জানিবলৈ দিছে। খানৰ অধিবক্তা ইণ্টেজাৰ পাঞ্জোথাই ৰয়টাৰক জনায় যে ইমৰাণ খানক তেওঁৰ বাসগৃহৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। এই সিদ্ধান্তৰ বিৰুদ্ধে আমি উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছো।
লগতে পঢ়ক :Manipur violence: অব্যাহত আছে মণিপুৰৰ হিংসাত্মক ঘটনা