Local, Vocal, Global

নৰেন্দ্ৰ মোডীৰ প্ৰশংসাত পাকিস্তানী ছাত্ৰী

নিউজ ডেস্ক, ৯ মাৰ্চঃ ইউক্ৰেইনৰ পৰা ভাৰতৰ সহায়ত স্বগৃহত উপস্থিত হোৱাৰ পিছতেই প্ৰধানমন্ত্ৰী মোডীক ধন্যবাদ জনাই পাকিস্তানী ছাত্ৰীয়ে।

আশ্মা শ্বৰীফ নামৰ পাকিস্তানী যুৱতীগৰাকীয়ে এটা ভিডিঅ’যোগে যুদ্ধৰ মাজৰ পৰা সুৰক্ষিত স্থানলৈ লৈ যোৱাৰ প্ৰধানমন্ত্ৰী মোডীক ধন্যবাদ জনায়।

ছাত্ৰীগৰাকীয়ে কয় যে, মোক স্থানান্তৰ কৰাৰ বাবে মই কিয়েভৰ ভাৰতীয় দূতাবাস আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মোদীৰ ওচৰত সঁচাকৈয়ে কৃতজ্ঞ। সমৰ্থনৰ বাবে আপোনাক বহুত ধন্যবাদ৷’

উল্লেখ্য যে, ইউক্ৰেইনত আবদ্ধ পাকিস্তানৰ ছাত্ৰ-ছাত্ৰীয়ে দূতাবাসৰ স্থানান্তৰৰ দাবী জনাইছিল যদিও গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে৷ ভাৰতে কেৱল যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ পৰা আবদ্ধ ভাৰতীয় শিক্ষাৰ্থীসকলক স্থানান্তৰ কৰাই নহয়, বহুতো পাকিস্তানী আৰু নেপালী শিক্ষাৰ্থীকো উদ্ধাৰ কৰে।