ভাৰতীয় জলসীমাৰ ভিতৰত পাকিস্তানী নাও
নিউজ ডেস্ক : ভাৰতীয় জলসীমাৰ ভিতৰত ভাৰতীয় উপকূলৰক্ষী বাহিনী আৰু গুজৰাট সন্ত্ৰাসবাদী বিৰোধী দল (ATS)ৰ দ্বাৰা চলোৱা যুটিয়া অভিযানত আটক হৈছে এখন পাকিস্তানী নাও।
বুধবাৰে ৰাতিপুৱা চলোৱা এক যুটীয়া অভিযানত গুজৰাটৰ উপকূলত ভাৰতীয় জলসীমাৰ ভিতৰত আটক হৈছে বৃহৎ পৰিমাণৰ ড্ৰাগছ কঢ়িয়াই অনা এখন পাকিস্তানী নাও।
বাতৰি অনুসৰি, অভিযানৰ সময়ত প্ৰায় ৪০ কিলোগ্ৰাম ওজনৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰা হৈছিল, যাৰ মূল্য প্ৰায় ২০০ কোটি টকা বুলি অনুমান কৰা হৈছিল।
ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ বিষয়াসকলে কৈছিল যে পাকিস্তানৰ নাওখন ভাৰতীয় জলসীমাৰ পৰা ছয় মাইল দূৰত ধৰা পৰিছিল।
তেওঁলোকে কয়, “আইচিজিৰ দুখন দ্ৰুত আক্ৰমণকাৰী নাৱে গুজৰাটৰ জাখৌ উপকূলৰ পৰা ৩৩ নটিকেল মাইল দূৰত এখন পাকিস্তানী নাও ধৰিছিল।”
আনহাতে, নাওখনত থকা কৰ্মচাৰীসকল সকলো পাকিস্তানী নাগৰিক আৰু অধিক অনুসন্ধানৰ বাবে নাওখন জাখৌলৈ লৈ যোৱা হৈছে বুলি বিষয়াসকলে প্ৰকাশ কৰিছে।