WATCH| Pahalgam Terror Attack : ডুমডুমাত সাত মছজিদ কমিটিয়ে পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণত নিহতলৈ শ্ৰদ্ধাঞ্জলি
ডুমডুমা,২৪এপ্ৰিল : কেন্দ্ৰীয় গৃহ বিভাগক বুঢ়া আঙুলি দেখুৱাই চোৰাংচোৱা সংন্থাৰ চকুত ধূলি দি সন্ত্ৰাসবাদীয়ে নৃশংস হত্যাকাণ্ড সংঘটিত কৰি মৃত্যুৰ কিৰিলিত পৰিণত কৰি তোলা কাশ্মীৰত উপত্যকাত শোকৰ ছাঁ পৰা সমান্তৰালভাৱে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে উজনি অসমৰ ডুমডুমাতো শোকৰ ছাঁ পৰিছে ৷
পেহেলগামত সংঘটিত উগ্ৰপন্থী আক্ৰমণক গৰিহণা দিছে ৷ বুধবাৰে নিশা ডুমডুমাৰ জাকিৰ হুছেইন পথস্থিত মাদ্ৰাছাত ডুমডুমা অঞ্চলৰ ৭ খন মছজিদ কমিটি ৰাইজৰ সহযোগত আৰু ডুমডুমা মদ্ৰাছা ঈদগাহ আৰু কৱৰস্থান কমিটিৰ তৰফৰ পৰা কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীৰ আক্ৰমনক গৰিহণা দিয়াৰ লগতে নিহত হোৱা মৃতকৰ চিৰশান্তি কামণাৰে বন্তি প্রজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনায় ৷ শোক সন্তপ্ত পৰিয়ালবৰ্গক ন্যায় প্ৰদান কৰাৰো দাবী জনাইছে(Pahalgam Terror Attack)।
লগতে পঢ়ক : WATCH | Sipajar News : পশ্চিম দৰঙৰ এখন বাঁহৰ দলঙে জ্বলা কলা খুৱাইছে গোমঠা আৰু আঠিয়াবাৰী অঞ্চলৰ ৰাইজক