Local, Vocal, Global

WATCH | Pahalgam terror attack : সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বিৰোধিতাৰে পহলগামৰ টেক্সি চালকসকলৰ প্ৰতিবাদ

নিউজ ডেস্ক,২৩এপ্ৰিল : জম্মু কাশ্মীৰৰ পেহেলগামত ভয়ংকৰ সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ। পেহেলগামৰ এই আক্ৰমণত ২৮ জনকৈ পৰ্যটকৰ মৃত্যু হয়। ইয়াৰ ভিতৰত ২৬ গৰাকী পৰ্যটক হিন্দু আৰু এজন ইজৰাইলী আৰু আন এজন ইটালীৰ নাগৰিকৰ মৃত্যু হৈছে। মুম্বাইৰ ভয়ংকৰ ২৬/১১ সন্ত্ৰাসবাদী আক্ৰমণৰ দৰেই সংঘটিত হয় এই পেহেলগামৰ জঘন্য সন্ত্ৰাসবাদী আক্ৰমণ।

মঙলবাৰে বিয়লি ২:৩০ বজাৰপৰা ৩ বজাৰ ভিতৰত এই আক্ৰমণ হয় বুলি জানিব পৰা গৈছে। প্ৰায় ৪ৰপৰা ৬জনীয়া সন্ত্ৰাসবাদীৰ দলটোৱে পৰ্যটকসকলৰ সৈতে হিন্দী ভাষাতেই বাৰ্তালাপ কৰিছিল যদিও তেওঁলোকে নিজৰ মাজত পাঞ্জাৱী ভাষাত বাৰ্তালাপ কৰে। সন্ত্ৰাসবাদীৰ দলটোৱে পৰ্যটকসকলৰ পৰিচয় পত্ৰ পৰীক্ষা কৰাৰ লগতে অতি বৰ্বৰভাৱে পৰ্যটকসকলৰ পোছাক খুলিও ধৰ্ম পৰীক্ষা কৰে। বিশেষ সূত্ৰৰ খবৰ অনুসৰি, সন্ত্ৰাসবাদীৰ দলটোৱে AK-47 মাৰণাস্ত্ৰ ব্যৱহাৰ কৰি আক্ৰমণ কৰে। আক্ৰমণৰ পিছতেই সন্ত্ৰাসবাদীৰ দলটো পাহাৰৰ ওপৰলৈ পলাই যায়( Pahalgam terror attack)।

এই ঘটনা পোহৰলৈ অহাৰ পিছতে সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বিৰোধিতাৰে পহলগামৰ টেক্সি চালকসকলে প্ৰতিবাদৰ বাবে ওলাই আহে । সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ আহ্বান চালকসকলৰ।

লগতে পঢ়ক : WATCH | Pahalgam terror attack : জম্মু-কাশ্মীৰৰ পহলগামৰ আক্ৰমৰ পাছতে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অঞ্চলজুৰি সেনাৰ অভিযান