WATCH | Pahalgam terror attack : জম্মু কাশ্মীৰৰ পেহেলগামত ভয়ংকৰ সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ
নিউজ ডেস্ক,২৩এপ্ৰিল : জম্মু কাশ্মীৰৰ পেহেলগামত ভয়ংকৰ সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ। পেহেলগামৰ এই আক্ৰমণত ২৮ জনকৈ পৰ্যটকৰ মৃত্যু হয়। ইয়াৰ ভিতৰত ২৬ গৰাকী পৰ্যটক হিন্দু আৰু এজন ইজৰাইলী আৰু আন এজন ইটালীৰ নাগৰিকৰ মৃত্যু হৈছে। মুম্বাইৰ ভয়ংকৰ ২৬/১১ সন্ত্ৰাসবাদী আক্ৰমণৰ দৰেই সংঘটিত হয় এই পেহেলগামৰ জঘন্য সন্ত্ৰাসবাদী আক্ৰমণ।
জানিব পৰা মতে, সন্ত্ৰাসবাদীয়ে পৰ্যটকসকলক ‘কলিমা’ (ইছলাম ধৰ্ম্মৰ মূল বাক্য বা মন্ত্ৰ -“লা ইলাহ ইল্পিল্পাহ, মহম্মদ ৰসূলিল্লাহ।”) পাঠ কৰিবলৈ কয়, যিসকলে সেয়া পাঠ কৰিব নোৱাৰিলে, তেওঁলোককেই হত্যা কৰে সন্ত্ৰাসবাদীয়ে। মূলতঃ পুৰুষসকলকেই লক্ষ্য কৰি লয় সন্ত্ৰাসবাদীয়ে(Pahalgam terror attack)।
মঙলবাৰে বিয়লি ২:৩০ বজাৰপৰা ৩ বজাৰ ভিতৰত এই আক্ৰমণ হয় বুলি জানিব পৰা গৈছে। প্ৰায় ৪ৰপৰা ৬জনীয়া সন্ত্ৰাসবাদীৰ দলটোৱে পৰ্যটকসকলৰ সৈতে হিন্দী ভাষাতেই বাৰ্তালাপ কৰিছিল যদিও তেওঁলোকে নিজৰ মাজত পাঞ্জাৱী ভাষাত বাৰ্তালাপ কৰে। সন্ত্ৰাসবাদীৰ দলটোৱে পৰ্যটকসকলৰ পৰিচয় পত্ৰ পৰীক্ষা কৰাৰ লগতে অতি বৰ্বৰভাৱে পৰ্যটকসকলৰ পোছাক খুলিও ধৰ্ম পৰীক্ষা কৰে। বিশেষ সূত্ৰৰ খবৰ অনুসৰি, সন্ত্ৰাসবাদীৰ দলটোৱে AK-47 মাৰণাস্ত্ৰ ব্যৱহাৰ কৰি আক্ৰমণ কৰে। আক্ৰমণৰ পিছতেই সন্ত্ৰাসবাদীৰ দলটো পাহাৰৰ ওপৰলৈ পলাই যায়।
এই ভয়ংকৰ আক্ৰমণৰ পাছতে জম্মু-কাশ্মীৰৰ পহলগামৰ আক্ৰমণক লৈ গৃহমন্ত্ৰালয়ত জৰুৰী বৈঠক অনুষ্ঠিত কৰে ৷ গৃহমন্ত্ৰী অমিত শ্বাহ আৰু জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰআব্দুল্লাৰ মাজত অনুষ্ঠিত হয় উচ্চস্তৰীয় বৈঠক।
লগতে পঢ়ক : WATCH | Gaurav Gogoi : বৰ্তমানৰ বিজেপিয়ে কেৱল ৫ জন মানুহক চিনি পাই