Padmashri Hemoprabha Chutia admitted in to Hospital : অসম গৌৰৱ তথা পদ্মশ্ৰী হেমপ্ৰভা চুতীয়া হঠাৎ অসুস্থ

নিউজ ডেস্ক,১৮জুলাই : অসম গৌৰৱ তথা পদ্মশ্ৰী হেমপ্ৰভা চুতীয়া হঠাৎ অসুস্থ। অসুস্থতাৰ বাবে চিকিৎসালয়ত ভৰ্তি অসম গৌৰৱ হেমপ্ৰভা চুতীয়া ।
জানিব পৰা মতে, প্ৰথমে তেওঁক মৰাণৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও স্বাস্থ্যৰ অধিক অৱনতি ঘটাত বুধবাৰে নিশা মৰাণস্থিত মৰাণ মেডিকেল চেণ্টাৰত ভৰ্তি কৰোৱা হয় । মৰাণ মেডিকেল চেণ্টাৰত চিকিৎসকে চিকিৎসা কৰাৰ অন্তত কৰা পৰীক্ষাত তেওঁ কিছু সুস্থ অৱস্থালৈ আহে(Padmashri Hemoprabha Chutia admitted in to Hospital) ।
অৱশ্যে যদিও তেওঁ সুস্থ অৱস্থালৈ আহিছে, কিন্তু মৰাণ মেডিকেল চেণ্টাৰৰ চিকিৎসকে প্ৰদ্মশ্ৰী হেমপ্ৰভা চুতীয়াক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে ।
আনহাতে, ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ নিৰ্দেশত আৰু মৰাণ ৰাজহ চক্ৰ বিষয়াৰ তৎপৰতাত উন্নত চিকিৎসাৰ বাবে বুধবাৰে নিশাতেই তেওঁক ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত হাস্পতালত ভৰ্তি কৰোৱা হৈছে ।
লগতে পঢ়ক : Major Fire on Gandhidham Express Due to Technical Glitch : উজনিমুৱা গান্ধী ধাম এক্সপ্ৰেছত অগ্নিকাণ্ড