Local, Vocal, Global

Padmashree Jumde Yomgam Gamlin: অৰুণাচল প্ৰদেশৰ বিশিষ্ট সমাজসেৱিকা জুমদে যোমগাম গামলিনলৈ পদ্মশ্ৰী বঁটা

নিউজ ডেস্ক,২৮মে’ : অৰুণাচল প্ৰদেশৰ বিশিষ্ট সমাজসেৱিকা জুমদে যোমগাম গামলিনকলৈ পদ্মশ্ৰী বঁটা। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে এইগৰাকী সমাজসেৱিকাক প্ৰদান কৰিলে পদ্মশ্ৰী বঁটা।অৰুণাচল প্ৰদেশৰ বিশিষ্ট সমাজসেৱিকা জুমদে যোমগাম গামলিনক নাৰী সৱলীকৰণ আৰু সমাজ কল্যাণৰ ক্ষেত্ৰত দৃষ্টান্তমূলক অৱদান আগবঢ়োৱা বাবে প্ৰদান কৰা হৈছে পদ্মশ্ৰী বঁটা(Padmashree Jumde Yomgam Gamlin)।

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে এইগৰাকী সমাজসেৱিকাক এই সন্মান প্ৰদান কৰাৰ পিছতেই অভিনন্দন জনাই মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে।

মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে গামলিনৰ প্ৰচেষ্টাক প্ৰশংসা কৰি কয়, “নাৰী সৱলীকৰণ, গৃহিণীৰ বাবে জীৱিকাৰ পদক্ষেপক সমৰ্থন কৰা আৰু ড্ৰাগছ নিচামুক্তকৰণ আৰু সুস্থ জীৱন-যাপনৰ প্ৰসাৰে অগণন লোকৰ জীৱনত স্থায়ী পৰিৱৰ্তন আনিছে । তেওঁৰ নিষ্ঠা আৰু মমতা সঁচাকৈয়ে প্ৰেৰণাদায়ক ।” সেৱাত নিয়োজিত জীৱনৰ এক প্ৰাপ্য স্বীকৃতি বুলি কয় খণ্ডুৱে । পশ্চিম চিয়াং জিকাৰ আলোৰ নিবাসী তেওঁৰ এন জি অ’ মাডাৰ্ছ ভিজনৰ জৰিয়তে ড্ৰাগছৰ নিচা আৰু পুনৰ সংস্থাপনৰ পদক্ষেপৰ নেতৃত্ব দিয়াৰ তিনি দশকজুৰি তেওঁৰ অক্লান্ত প্ৰচেষ্টাই বহুতৰে জীৱনক অনুপ্ৰাণিত কৰিছে ।”

আজি মুখ্যমন্ত্ৰী পেমা খাণ্ডুয়ে সামাজিক মাধ্যমত লিখিছে, “তেওঁৰ এই কৃতিত্বৰ বাবে আমি গৌৰৱ অনুভৱ কৰিছো আৰু অৰুণাচলক এখন উন্নত স্থান হিচাপে গঢ়ি তোলাৰ বাবে তেওঁৰ উদাৰ অভিযানত অবিৰত সফলতা কামনা কৰিছো ।”

লগতে পঢ়ক : WATCH | Hari Sarma from Gohpur passes away : গহপুৰ সমজিলাৰ সমাজকৰ্মী হৰি শৰ্মাৰ দেহাৱসান