Local, Vocal, Global

Padma Shri Awardee and anti-witch hunting activist Birubala Rabha passes away : অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে পদ্মশ্ৰী বিৰুবালা ৰাভাই

নিউজ ডেস্ক,১৩মে’ : পদ্মশ্ৰী বিৰুবালা ৰাভাৰ দেহাৱসান।সোমবাৰে পুৱা ৯.২৩ বজাত শেষ নিশ্বাস ত্যাগ কৰে সমাজকৰ্মীগৰাকীয়ে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বিৰুবালা ৰাভাই। দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল তেওঁ। যোৱা ৪ মে’ পৰা আইচিএউত চিকিৎসাধীন হৈ আছিল সমাজকৰ্মীগৰাকী। আজি পুৱা আই চি ইউতে মৃত্যুক সাবটি লয় অন্ধবিশ্বাসৰ বাবে আজীৱন যুঁজ দিয়া বিৰুবালা ৰাভাই(Padma Shri Awardee and anti-witch hunting activist Birubala Rabha passes away)।

উল্লেখ্য যে, ডাইনী হত্যাৰ বিৰোধিতা কৰি সমাজত বিপুল পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছিল পদ্মশ্ৰী বিৰুবালা ৰাভা। পদ্মশ্ৰী বিৰুবালা ৰাভাই যোৱা দুটা দশক ধৰি অসমত প্ৰচলিত বিভিন্ন অন্ধবিশ্বাসৰ বিৰুদ্ধে জনসাধাৰণৰ মাজত সচেতনতা অনাৰ চেষ্টা চলাইছিল।

কৰ্মৰাজিৰ বাবে ২০২১ চনত বিৰুবালা ৰাভাৰ ভাৰত চৰকাৰৰ চতুৰ্থ অসামৰিক বঁটা পদ্মশ্ৰী সন্মান প্ৰদান কৰিছিল। অসম চৰকাৰৰ ডাইনী হত্যা প্ৰতিৰোধ আৰু সুৰক্ষা আইন ২০১৫ প্ৰণয়নৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা আছে পদ্মশ্ৰী বিৰুবালা ৰাভাৰ।

উল্লেখযোগ্য যে, গোৱালপাৰা জিলাৰ অসম মেঘালয় সীমান্তৰ ঠাকুৰভিলা নামৰ এখন ভিতৰুৱা গাঁৱৰ এটি সাধাৰণ পৰিয়ালত ১৯৫৪ চনত বীৰুবালা ৰাভাৰ জন্ম হৈছিল। শৈশৱৰ ঘৰখনত বহু কষ্টেৰে ডাঙৰ-দীঘল হোৱা ৰাভাই মাত্ৰ পঞ্চম শ্ৰেণীলৈকে পঢ়া-শুনা কৰাৰ পাছতেই বিদ্যালয় এৰিবলগীয়া হৈছিল। সৰুৰে পৰা বিভিন্ন সামাজিক কাম-কাজত জড়িত থাকি তেওঁ ভাল পাইছিল। ২০০০ চনৰ পৰাই তেওঁ সমাজত প্ৰচলিত ডাইনী প্ৰথাৰ বিৰুদ্ধে সৰৱ হৈ উঠিছিল। প্ৰথমতে গোৱালপাৰা জিলাতে ডাইনী হত্যাৰ বিৰুদ্ধে জনসচেতনতা আনিবলৈ চেষ্টা কৰি যোৱা দুটা দশক ধৰি তেওঁ এই অন্ধবিশ্বাস আঁতৰ কৰিবলৈ সংগ্ৰাম কৰি আহিছে(Padma Shri Awardee & Anti-Witch Hunting Activist Birubala Rabha Passes Away in Guwahati) ।

বিৰুবালা ৰাভাৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ছচিয়েল মিডিয়াত মুখ্যমন্ত্ৰীগৰাকীয়ে লিখিছে, ‘‘বৰেণ্য সত্তা বীৰুবালা ৰাভা বাইদেউৰ বিয়োগৰ বাতৰিত খুবেই মৰ্মাহত হৈছোঁ৷ ডাইনী হত্যাক সমাজৰ পৰা সম্পূৰ্ণৰূপে নিৰ্মূল কৰিবলৈ নিৰৱচ্ছিন্নভাৱে অহোপুৰুষাৰ্থ কৰি অহা সমাজ সংস্কাৰক পদ্মশ্ৰী বীৰুবালা ৰাভা বাইদেউৰ বিয়োগ অসমৰ সমাজ জীৱনৰ বাবে অপূৰণীয় ক্ষতি৷ তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তিৰ অৰ্থে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ৷’’