Local, Vocal, Global

WATCH | Padma Hazarika : বিহুগীত গাই এপাক নাচিলে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই

ছিপাঝাৰ,১৩ এপ্ৰিল : গৰুখুটি কৃষি প্ৰকল্পত কৃষি সৈনিকসকলৰ সৈতে বিহুগীত গাই এপাক নাচিলে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই।

প্ৰকল্পটোৰ উৎপাদনত অৰিহণা যোগায় অহা কৃষকসকলক বিহুৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে কৃষকসকলেও অধ্যক্ষগৰাকীক প্ৰদান কৰে বিহুৱান আৰু আন উপহাৰ। ” মুখ্যমন্ত্ৰীৰ সপোনৰ কৃষি প্ৰকল্পটোৰ জড়িয়তে ইয়াত নিয়োজিত কৃষকসকলে ভৱিষ্যত গঢ়িব পাৰিব বুলি তেঁওলোকৰ বিশ্বাস হৈছে(Padma Hazarika)।

সেয়ে এতিয়া লক্ষ্য হ’ব মাছ,মাংস, গাখীৰ আৰু কণীৰ উৎপাদন।” মন্তব্য পদ্ম হাজৰিকাৰ। আৰম্ভণিতে প্ৰকল্পটোৰ বিৰুদ্ধে যি নেতিবাচক প্ৰচাৰ চলি আছিল, তাৰ বিপৰীতে প্ৰকল্পটোৱে আশাৰ দিগন্ত কঢ়িয়াই আনিছে।”- এই মন্তব্য কৰিছে প্ৰকল্পটোৰ অধ্যক্ষ পদ্ম হাজৰিকাই।

লগতে পঢ়ক : WATCH | Sensational incident : ৰঙাপৰাৰ কলনী চাহ বাগিচাত হত্যাকাণ্ড