Local, Vocal, Global

Paddy harvesting in Golaghat:আঘোণৰ পথাৰত সোণগুটি বোটলাত ব্যস্ত অসমীয়া চহা লোক

দেৰগাঁও,১৪ডিচেম্বৰ : শাওনৰ সেউজীয়া সপোনবোৰ এতিয়া সোণোৱালী হৈছে । আঘোণে বিৰিঙাইছে প্ৰাপ্তিৰ হাঁহি । বাঢ়িছে কৃষক ৰাইজৰ ব্য়স্ততা । ঘৰলৈ আদৰিছে লখিমীক । লহপহীয়া সোণগুটিয়ে সোণোৱালী কৰিছে পথাৰ(Paddy harvesting in Golaghat)।

আশা-প্ৰত্যাশাৰে আঘোণক লৈ ব্যস্ত অসমৰ গ্ৰাম্য সমাজ ।আঘোনৰ পথাৰত সোণগুটি চপোৱাত ব্যস্ত গোলাঘাটৰ চহা কৃষক ।আঘোণৰ পথাৰত পকাধানে ৰিঙিয়াই মাতিছে ।আঘোন মাহ অহাৰ লগে-লগেই সোনোৱালী হৈছে খেতি পথাৰ ৷আঘোণতেই বিধে-বিধে ভৰপক হৈ পৰিছে জহা-বৰা,ৰঞ্জিত,মাচুৰীকে ধৰি বিভিন্ন ধৰণৰ ধান ৷

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ গোলাঘাটৰ শিয়ালেখাটি পথাৰত এতিয়া চহা কৃষক-দাৱনী মাজত দেখা গৈছে হেঁপাহৰ খেতিডৰা চপোৱাত সীমাহীন ব্যস্ততা ।

আজি গোলাঘাট ঐতিহাসিক শিয়ালেখাটি গাঁৱৰ এজন কৃষি বিষয়া তৰুণ দাসে আঘোনৰ পথাৰত সোণালী ধান সামৰণি হিচাপে।অতীততে হেৰাই যোৱা, বোপাই ককাই সজীয়াই ৰখা মানসেৰে অসমীয়া কৃষ্টি বাপুতি সাহোন হাৰিয়া আয়োজন কৰিলে।নিজৰ অঞ্চলৰে ২০/৩০ গৰাকীক কৈ অধিক ডায়নিৱে সোণালী ধান সামৰা লগতে হায়িৰা কায্যসূচীত সহযোগিতা জনাই।

লগতে পঢ়ক :One killed in wild Elephant attack in Behali: বিহালীত বন্যহস্তীৰ আক্ৰমণত মৃত্যু চাহ বাগানত কৰ্মৰত লোকৰ