Local, Vocal, Global

পুনৰ সফলতাৰ শীৰ্ষত P V Sindhu

নিউজ ডেস্ক, ১৭ জুলাই : দেওবাৰে মহিলাৰ একক শ্ৰেণীৰ ফাইনেলত চীনৰ ৱাং ঝিয়িক পৰাস্ত কৰি Singapore Open ২০২২ ৰ খিতাপ জয় অলিম্পিক পদক বিজয়ী আৰু ভাৰতীয় এছ শ্বাটলাৰ পি ভি সিন্ধুৰ।

ছিংগাপুৰত অনুষ্ঠিত হোৱা খেলখনত ১ নং ক’ৰ্ট ত খেলি সিন্ধুৱে ২১-৯, ১১-২১, ২১-১৫ ত সন্মিলনৰ সংঘৰ্ষত জয়লাভ কৰে।

উল্লেখ্য যে, শনিবাৰে PV Sindhuৱে ছিংগাপুৰত অনুষ্ঠিত ছেমিফাইনেলত জাপানৰ ছাইনা কাৱাকামিক পৰাস্ত কৰি ছিংগাপুৰ অপেন ২০২২-ৰ মহিলা একক শ্ৰেণীৰ শীৰ্ষ সংঘৰ্ষলৈ আগবাঢ়িছিল।

PV Sindhuৰ সফলতাৰ পিছতেই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটাৰযোগে এছ শ্বাটলাৰগৰাকীক অভিনন্দন জনায়।

মোডীয়ে টুইটাৰ যোগে কয় “মই PV Sindhuক প্ৰথমবাৰৰ বাবে ছিংগাপুৰ অপেন খিতাপ জয় কৰাৰ বাবে অভিনন্দন জনাইছো। তাই আকৌ এবাৰ তাইৰ ব্যতিক্ৰমী ক্ৰীড়া প্ৰতিভা প্ৰদৰ্শন কৰিছে আৰু সফলতা অৰ্জন কৰিছে। এইটো দেশৰ বাবে এক গৌৰৱৰ মুহূৰ্ত আৰু ই আগন্তুক খেলুৱৈ সকলকো অনুপ্ৰেৰণা দিব,” ।

উল্লেখ কৰিব পাৰি যে এয়া সিন্ধুৰ ২০২২ চনৰ তৃতীয় খিতাপ।

এই বছৰৰ জানুৱাৰীত, সিন্ধুৱে চয়দ মোডী আন্তঃৰাষ্ট্ৰীয় Tournamentত মহিলাৰ একক খিতাপ জিকিছিল।