প্ৰৱঞ্চনামূলক কাৰ্যত গ্ৰেপ্তাৰ Lenskart শ্ব’ৰুমৰ গৰাকী
নিউজ ডেস্ক, ৩ জুন : দেওবাৰে গুৱাহাটীৰ বৰা চাৰ্ভিচ এলেকাৰ Lenskart শ্ব’ৰুমৰ গৰাকীক পল্টন বজাৰ আৰক্ষীয়ে প্ৰৱঞ্চনামূলক কাৰ্যকলাপৰ গোচৰত গ্ৰেপ্তাৰ কৰে।
বাতৰি অনুসৰি, সদায় বিতৰ্কৰ সৈতে জড়িত থকা সৌৰভ দেৱৰ বিৰুদ্ধে পুঁজিৰ অপব্যৱহাৰৰ অভিযোগ উত্থাপন হৈছিল।
আৰু আজি শ্ব’ৰুমটোৰ গৰাকী সৌৰভ দেৱক পলাই যাবলৈ চেষ্টা কৰা অৱস্থাত পল্টন বজাৰ আৰক্ষীয়ে জিম্মাত লৈছে।
উল্লেখ্য যে, দেৱৰ বিৰুদ্ধে লেন্সকাৰ্টৰ পৰা যোৱা তিনি বছৰত ৪ কোটি টকাৰ পুঁজি চুৰি কৰাৰ অভিযোগ উত্থাপিত হৈছে।
কিছুমান চৰ্ত সাপেক্ষে উচ্চ ন্যায়ালয়ে তেওঁক অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছিল। কিন্তু তেওঁ চৰ্তবোৰ পূৰণ কৰা নাছিল আৰু আৰক্ষীৰ দ্বাৰা ধৰা পৰাৰ পিছত পলাই যাবলৈ চেষ্টা কৰিছিল।