Local, Vocal, Global

Over 50 flight delayed as dense fog blankets Delhi : দিল্লীত কুঁৱলীৰ ফলত প্ৰায় ৫০ খন বিমান চলাচলত বাধা

নেশ্যনেল ডেস্ক, ৩১জানুৱাৰী : ৰাজধানী চহৰ দিল্লীত বিমান চলাচলত বাধা । ঘন কুঁৱলীৰ বাবে বাধা বিমান চলাচলত ।

বুধবাৰে পুৱা ৰাজধানী চহৰ দিল্লীত ডাঠ কুঁৱলীৰে আৱৰি ধৰে । ডাঠ কুঁৱলীৰ বাবে দৃশ্যমানতা প্ৰায় শূন্যলৈ হ্ৰাস পায় ফলত বিমান উৰণত যথেষ্ট প্ৰভাৱ পৰা পৰিলক্ষিত হয় ৷

ৰাজধানী চহৰ দিল্লীত হাড় কঁপোৱা ঠাণ্ডা ৷ কুঁৱলীৰ ডাঠ আচ্ছাদনে ঢাকি ধৰিছে সমগ্ৰ চহৰখনত ৷ ফলত ঘন কুঁৱলীৰ প্ৰভাৱত আজি দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বিমানকে ধৰি ৫০ খনতকৈও অধিক বিমান পলমকৈ উৰে( Over 50 flights delayed, 3 diverted due to dense fog; advisory issued) ।

ইফালে, বুধবাৰে বতৰ বিজ্ঞান বিভাগে দিল্লীত বৰষুণ আৰু বজ্ৰপাতৰ সতৰ্কবাণী জাৰি কৰে ৷ যাৰ ফলত ঠাণ্ডা অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে । অৱশ্য়ে কেৱল দিল্লীতে নহয়, আন ৰাজ্যতো কুঁৱলীৰ আচ্ছাদন দেখা গৈছে । এনেদৰে দিল্লী বিমানবন্দৰত দীঘলীয়া সময়ৰ বাবে কুঁৱলীয়ে ঢাকি ৰাখিলে তেনেহ’লে পলম হোৱা বিমানৰ সংখ্য়া বৃদ্ধি হ’ব পাৰে ৷

ইয়াৰ পূৰ্বে মঙলবাৰে বিমান যাত্ৰীসকলে আইজিআই বিমানবন্দৰত সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল । কম দৃশ্যমানতাৰ বাবে বহুতো বিমান সময়তকৈ পলম হৈছিল । ইয়াৰ পূৰ্বে ২৬ জানুৱাৰীৰ পিচত দিল্লীৰ বতৰ পৰিষ্কাৰ হ’ব আৰু মানুহে ঠাণ্ডা আৰু কুঁৱলীৰ পৰা পৰিত্ৰাণ পাব বুলি কোৱা হৈছিল যদিও বৰ্তমান পৰিস্থিতি ওলোটা হোৱাহে দেখা হৈছে(Over 50 flights, several trains delayed as dense fog blankets Delhi) ৷

লগতে পঢ়ক : Transport services suspended for seven projects in north-east : আজিৰে পৰা ৰাজ্যত ৰন্ধন গেছৰ নাটনি হোৱাৰ সম্ভাৱনা !