Outrage Over Newborn’s Death at Amingaon Hospital:নৱজাতকৰ মৃত্যুক কেন্দ্ৰ কৰি আমিনগাঁৱস্থিত তোলাৰাম বাফনা কামৰূপ জিলা অসামৰিক চিকিৎসালয়ত উত্তেজনা
নিউজ ডেস্ক,১৭ডিচেম্বৰ : আমিনগাঁৱস্থিত তোলাৰাম বাফনা কামৰূপ জিলা অসামৰিক চিকিৎসালয়ত উত্তেজনা ।
এটি নৱজাতকৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তেজনাৰ।
চিকিৎস্যকৰ গাফিলতিৰ বাবে নৱজাতকৰ মৃত্যুৰ অভিযোগ পৰিয়ালৰ(Outrage Over Newborn’s Death at Amingaon Hospital) ।
কোলাত মৃত নৱজাতকলৈ ন্যায়ৰ বাবে জাঙোৰ খাই উঠিছে পৰিয়ালৰ লোক ।
যোৱা শুক্ৰবাৰে প্ৰসূতি চিকিৎস্যক নিকুঞ্জ ডেকাৰ তত্বাবধানত চিকিৎসা লয়ত ভৰ্তি হৈছিল মুক্তাপুৰ ভড়ালী চূপাৰ ডলী কাকতি নামৰ প্ৰসূতি গৰাকী ।
শনিবাৰে ডলী কাকতিয়ে জন্ম দিয়ে এটি পুত্ৰ সন্তান ।
নৱজাতকটো স্বাস্থ্যৰ জটিল অৱস্থা দেখি ততাতৈয়াকৈ গুৱাহাটী চিকিৎস্যা মহাবিদ্যালয় হস্পিতাললৈ প্ৰেৰণ কৰিছিল যদিও মৃত্যু ঘটে নৱজাতকটোৰ ।
প্ৰসূতি চিকিৎস্যক ডাঃ নিকুঞ্জ ডেকা আৰু পল্লৱলোচন শৰ্মাৰ বিৰুদ্ধে গুৰুত্বৰ অভিযোগ পৰিয়ালৰ ।
চিকিৎস্যকৰ সৈতে তৰ্ক যুদ্ধত লিপ্ত হৈ ভুক্তভোগী পৰিয়ালৰ লোক ।
উত্তপ্ত পৰিস্থিতিত নিয়ন্ত্ৰণৰ বাবে চিকিৎস্যালয়ত উপস্থিত হয় উত্তৰ গুৱাহাটী গৌৰীপুৰ আৰক্ষী।